ইণ্টাৰনেচনেল ডেস্ক, ৮ ফেব্ৰুৱাৰী :তুৰস্ক আৰু ছিৰিয়াত এতিয়া চৌদিশে মৰিশালিৰ চেপা উত্তেজনা । শাৰী শাৰী মৃতদেহ আৰু ধ্বংসস্তূপৰ মাজত উদ্ধাৰকাৰী দলে আগবঢ়াই নিছে উদ্ধাৰকাৰ্য (deadliest in decades earthquake in Turkiye) । সোমবাৰৰ প্ৰলংকৰী ভূমিকম্পৰ পিছত তুৰস্ক আৰু ছিৰিয়াত এতিয়া হাজাৰ হাজাৰ অট্টালিকাৰ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হৈ আছে ইটোৰ পিছত সিটো মৃতদেহ । তাৰ মাজতে বুধবাৰে মৃত্যুৰ সংখ্যা ৯,৪০০ তকৈও অধিকলৈ বৃদ্ধি পাইছে (Turkiye Syria quake death toll rises) ।
যাৰ ফলত এই ভূমিকম্পটো এক দশকতকৈও অধিক সময়ৰ ভিতৰত আটাইতকৈ ভয়ংকৰ ভূমিকম্প হিচাপে পৰিগণিত হৈছে । আনহাতে, তুৰস্কৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা মতে (Turkiyes disaster management agency), দেশখনৰ মৃত্যুৰ সংখ্যা ৬,৯৫৭-লৈ বৃদ্ধি পাইছে । যাৰ ফলত সোমবাৰে সংঘটিত ভূমিকম্প আৰু তাৰ পিছতো উদ্ভৱ হোৱা জোকাৰণিৰ পিছত চুবুৰীয়া ৰাষ্ট্ৰ ছিৰিয়াত হোৱা মৃত্যুকে ধৰি মুঠ নিহতৰ সংখ্যা ৯,৪৮৭ জনলৈ বৃদ্ধি পাইছে ।
স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, ছিৰিয়াৰ চৰকাৰৰ অধীনস্থ অঞ্চলসমূহত নিহতৰ সংখ্যা ১,২৫০-লৈ বৃদ্ধি পাইছে আৰু ২,০৫৪ জন আহত হৈছে । হোৱাইট হেলমেট নামেৰে জনাজাত স্বেচ্ছাসেৱক বাহিনীৰ মতে, বিদ্ৰোহীৰ দখলত থকা উত্তৰ-পশ্চিমত কমেও ১,২৮০ জন লোকৰ মৃত্যু হৈছে আৰু ২,৬০০-ৰো অধিক লোক আহত হৈছে । উল্লেখ্যে, এই ঘটনাই ২০১৫ চনত নেপালত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত নিহত হোৱা ৮,৮০০ জনৰ সংখ্যাকো অতিক্ৰম কৰিছে (Nepal earthquake in 2015) ।