অসম

assam

ETV Bharat / international

Quake Hits Turkey : ১২৮ ঘণ্টাৰ পাচত ধ্বংসস্তূপৰ তলৰ পৰা জীৱন্তে উদ্ধাৰ দুমহীয়া কেঁচুৱা - Turkey earthquake

প্ৰতিবেদন অনুসৰি, কেঁচুৱাটোক প্ৰয়োজনীয় চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যাই দেওবাৰে ২৮,০০০ অতিক্ৰম কৰে (Turkey earthquake death toll over 28000) ।

Turkey
Turkey

By

Published : Feb 12, 2023, 8:54 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১২ ফেব্ৰুৱাৰী :৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু উত্তৰ-পশ্চিম ছিৰিয়াৰ সমতল ভূমিৰ কিছু অংশত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ লগতে সংঘটিত ধাৰাবাহিক জোকাৰণিৰ ফলত ২৮,০০০-তকৈও অধিক লোকৰ মৃত্যু হৈছে (Turkey earthquake death toll over 28000) । তাৰ মাজতে তুৰস্কৰ দক্ষিণ হাটাই প্ৰদেশৰ এটা অট্টালিকাৰ ধ্বংসস্তূপৰ তলৰ পৰা এটা দুমাহৰ কেঁচুৱাক জীৱিত অৱস্থাত উদ্ধাৰ কাৰ হৈছে ।

অৱলীলাক্ৰমে কেইবা ঘণ্টা ধৰি ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকাৰ পিছতো কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে শিশুটি । ইয়াকে কয়, ৰাখে হৰি মাৰে কোনে ! উল্লেখ্য, ভূমিকম্প সংঘটিত হোৱাৰ প্ৰায় ১২৮ ঘণ্টা পিছত শিশুটিক জীৱন্তে আৰু সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় (baby survives 128 hours under rubble in Turkey) ।

দেশখনৰ আনাডোলু এজেঞ্চীয়ে শনিবাৰে টুইট কৰি নিশ্চিত কৰিছে যে কেঁচুৱাটো দুৰ্যোগৰ পৰা বাচি গৈছে আৰু "তাৎক্ষণিক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়"। উল্লেখ্য, তুৰস্কত মৃত্যুৰ সংখ্যা ২৪,৬১৭-লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ছিৰিয়াত ৩,৫০০-ৰো অধিক লোকৰ মৃত্যু হৈছে (Turkey earthquake) । আনহাতে, ভূমিকম্প সংঘটিত হোৱাৰ পাঁচ দিন পিছত সমগ্ৰ দেশখনৰ বিপজ্জনক পৰিস্থিতিৰ পৰা কেইবাজনো লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে (Syria earthquake) ।

শনিবাৰে এক ডজনৰো অধিক লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় । ইয়াৰে ভিতৰত আছিল হাটায় প্ৰদেশৰ ৰাজধানী আণ্টাকিয়াত এটা সাতমহীয়া ল'ৰাশিশু আৰু সোমবাৰে সংঘটিত ভূমিকম্পৰ কেন্দ্ৰবিন্দুৰ নিকটতম তুৰস্ক চহৰৰ কাহৰমণমাৰাছত এটা পৰিয়াল । ইফালে এজন ২৩ বছৰীয়া ছিৰিয়ান যুৱকক প্ৰায় পাঁচ দিন ধৰি আবদ্ধ হৈ থকাৰ পিছত তেওঁক ঘৰৰ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰা হয় ।

তেওঁ অত্যন্ত আৰু লেতেৰা পৰিৱেশত আৰু দুৰ্গন্ধময় পানীৰ মাজত জীয়াই আছিল । বৰ্তমান তেওঁ উপকূলীয় চহৰ লাটাকিয়াৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে, য'ত তেওঁৰ ৬০ বছৰীয়া মাতৃৰো চিকিৎসা চলি আছে । তেওঁ পৰৱৰ্তী সময়ত প্ৰকাশ কৰে যে তেওঁ জীয়াই থকাৰ সকলো আশায়ে এৰি দিছিল ।

উল্লেখ্য যে, এই শক্তিশালী ভূমিকম্পটোক একবিংশ শতিকাৰ বিশ্বৰ সপ্তম সৰ্ববৃহৎ প্ৰাকৃতিক দুৰ্যোগ হিচাপে তালিকাভুক্ত কৰা হৈছে । যাৰ ফলত ২০০৩ চনত ইৰাণত সংঘটিত ভূমিকম্পৰ পিচতে এই ভূমিকম্পৰ বৰ্তমান স্থান । উক্ত ইৰাণৰ ভূমিকম্পত ৩১,০০০ লোকৰ মৃত্যু হৈছিল ।

বিগত সোমবাৰে তুৰস্ক আৰু ছিৰিয়াৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত ভূমিকম্পৰ ফলত প্ৰায় বিধ্বস্ত হৈ পৰিছে তুৰস্ক আৰু ছিৰিয়াৰ কেইবাটাও অঞ্চল । কেউফালে কেৱল ধ্বংসলীলা । আৰু এই ধ্বংস্তূপৰ তলৰ পৰা নিতৌ ওলাই আছে মৃতদেহ । শেহতীয়া তথ্য মতে, তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যাই ২০ হাজাৰ অতিক্ৰম কৰি গৈছে । বহু লোক এতিয়াও ধ্বংস্তূপৰ তলত সোমাই থকাৰ আশংকা কৰা হৈছে । এতিয়াও চলি আছে উদ্ধাৰকাৰ্য ।

বিশ্বৰ বিভিন্ন দেশে তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বাবে দেশ দুখনলৈ সহায়ৰ হাত আগবঢ়াইছে । উদ্ধাৰকাৰী দলৰ লগতে প্ৰেৰণ কৰিছে ঔষধ আৰু বিভিন্ন ধৰণৰ সাহায্য সামগ্ৰী । ভাৰতৰ পৰাও ইতিমধ্যে সাহায্য তথা উদ্ধাৰকাৰী দল গৈ তুৰস্কত উপস্থিত হৈছেগৈ । সাহায্যকাৰী দলে বিভিন্ন ধৰণৰ উদ্ধাৰ সঁজলিৰ লগতে খাদ্য-সামগ্ৰী, ঔষধ তথা কেইবাটাও বিভাগৰ বিশেষজ্ঞ দলক লগত লৈ গৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পত দুখ প্ৰকাশ কৰিছে । লগতে দেশ দুখনক প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

লগতে পঢ়ক :Turkey Earthquake : নিজৰ জীৱন বিপন্ন কৰি নৱজাতকৰ সুৰক্ষা তুৰ্কী নাৰ্ছৰ

ABOUT THE AUTHOR

...view details