ইণ্টাৰনেশ্যনেল ডেস্ক,২৯ অক্টোবৰ :ভাৰতীয়মূলৰ ৰিপাব্লিকান পাৰ্টীৰ সম্ভাব্য ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নিকি হেলীয়ে ডনাল্ড ট্ৰাম্পক তেওঁৰ ইজৰাইল পন্থী নীতিৰ বাবে প্ৰশংসা কৰে যদিও ২০২৪ চনৰ নিৰ্বাচনত প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিজয়ৰ ফলত হ'বলগীয়া বিপদজনক পৰিস্থিতিৰ বিষয়েও সতৰ্ক কৰি দিয়ে । তেওঁৰ মতে ডনাল্ড ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতি হ'লে ৪ বছৰৰ বিশৃংখলতা, প্ৰতিশোধ আৰু নাটকৰ পৰিৱেশ হ'ব । সেয়া আমেৰিকাৰ বাবে বিপদজনক হ'ব বুলিও তেওঁ আশংকা ব্যক্ত কৰে ।
নিকি হেলীৰ মতে আমেৰিকাৰ বাবে এগৰাকী এনে অধিনায়কৰ প্ৰয়োজন যি জাহাজখন ডুবিবলৈ নিদিয়ে আৰু স্থিৰ কৰি ৰাখিব পাৰে । ৫১ বছৰীয়া হেলীয়ে শনিবাৰে লছ ভেগাছত ইহুদী ৰিপাব্লিকানসকলৰ এক প্ৰভাৱশালী গোটক সম্বোধন কৰি ট্ৰাম্পক সমালোচনা কৰে ।
অৱশ্যে সেই সময়ত হেলীয়ে ট্ৰাম্পক ইজৰাইল পন্থী নীতিৰ বাবে প্ৰশংসাও কৰে । কিন্তু ট্ৰাম্পে ভৱিষ্যতে কি কৰিব সেই প্ৰশ্নও কৰে । হেলীৰ মতে ইতিহাসত লিপিবদ্ধ কৰা হ'ব যে ডনাল্ড ট্ৰাম্প এগৰাকী ইজৰাইল পন্থী ৰাষ্ট্ৰপতি আছিল । ইৰাণ চুক্তিক লৈ তেওঁৰ সিদ্ধান্ত প্ৰশংসনীয় আছিল বুলিও হেলীয়ে উল্লেখ কৰে ।
ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ চলি থকাৰ মাজতে ইহুদী সন্মিলনখন অনুষ্ঠিত হৈছে । হেলীৰ মতে আমেৰিকান হিচাপে সকলোৰে মনত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে । আমেৰিকানসকলে আটাইতকৈ বিপদজনক সময়ৰ মাজেৰে জীয়াই আছে । সেয়ে ট্ৰাম্পে ভৱিষ্যতে কি কৰিব সেয়া গুৰুত্বপূৰ্ণ বিষয় ।
ইজৰাইল-হামাছৰ যুদ্ধ, ইউক্ৰেইন যুদ্ধ আৰু বিশ্বৰ অন্যান্য প্ৰান্তত হোৱা হিংসাৰ কথা উল্লেখ কৰি দক্ষিণ কেৰোলিনাৰ প্ৰাক্তন গভৰ্ণৰ আৰু ট্ৰাম্প প্ৰশাসনৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত হেলীয়ে কয় যে বিশ্বত জুইত জ্বলি আছে । এগৰাকী সামৰিক বিষয়াৰ পত্নী হিচাপে তেওঁ যে যুদ্ধ বন্ধ কৰা, শান্তি বজাই ৰখা আৰু আমেৰিকান লোকসকলক সুৰক্ষা দিয়াতকৈ তেওঁৰ বাবে একোৱে গুৰুত্বপূৰ্ণ নহয় ।
পলম হোৱাৰ পূৰ্বে আমেৰিকানসকলে স্বাধীনতা ৰক্ষা কৰিব লাগিব । যাৰ বাবে তেওঁ চাৰি বছৰ বিশৃংখলতা, প্ৰতিশোধ আৰু নাটকৰ মাজেৰে যোৱাটো নিবিচাৰে । হেলীৰ মতে আমেৰিকাক এগৰাকী উপযুক্ত অধিনায়কৰ প্ৰয়োজন । ৰিপাব্লিকানসকলক এজন প্ৰাৰ্থীৰ প্ৰয়োজন যি জয়ী হ'ব পাৰে । তেওঁ লগতে কয় যে আমেৰিকাই ৰাষ্ট্ৰপতি জ' বিডেনক পুনৰ নিৰ্বাচিত হোৱাটো নিবিচাৰে ।
হেলীৰ মতে ইউক্ৰেইন এখন শান্তিপূৰ্ণ আৰু আমেৰিকা পন্থী দেশ । ৰাছিয়াৰ একনায়ক দুষ্ট । হেলীৰ মতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন যুদ্ধ অপৰাধী যি গণহত্যাৰ বাবে দোষী । হেলীৰ মতে ইজৰাইল আৰু ইউক্ৰেইনৰ মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে । কিন্তু তেওঁলোকৰ অধিক গুৰুত্বপূৰ্ণ সাদৃশ্যও আছে ।
ইজৰাইল আৰু ইউক্ৰেইনৰ যুদ্ধৰ আঁৰত ইৰাণ আৰু ৰাছিয়া জড়িত বুলিও তেওঁ অভিযোগ কৰে । দুয়োখন দেশ কমিউনিষ্ট চীনৰ অংশীদাৰ । ইৰাণ, ৰাছিয়া আৰু চীন এক অপবিত্র মিত্ৰতাৰ অংশ বুলিও হেলীয়ে অভিযোগ কৰে ।
লগতে পঢ়ক :2024 United States elections : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সে