ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ আগষ্ট :সমাগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । বিভিন্ন প্ৰাৰ্থীয়ে ইতিমধ্যে নিজৰ দাবীদাৰ স্পষ্ট কৰিছে । প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে । কিন্তু তেওঁৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট কম । আইনী প্ৰক্ৰিয়াৰ মাজত সোমাই পৰা ট্ৰাম্পৰ সন্মুখত বিভিন্ন প্ৰত্যাহ্বান আহিছে । তেওঁৰ গ্ৰেপ্তাৰক লৈও বহুতো জল্পনা-কল্পনা চলি আছে । অৱশ্যে ইয়াৰ মাজতে ট্ৰাম্পে ঘোষণা কৰে যে, তেওঁ বৃহস্পতিবাৰে জৰ্জিয়া কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিব । য'ত তেওঁ ২০২০ ৰ নিৰ্বাচনত অবৈধভাৱে ষড়যন্ত্ৰ ৰচনা কৰা সম্পৰ্কীয় এক গোচৰৰ সন্মুখীন হ'ব ।
ট্ৰাম্পে সোমবাৰে নিশা সামাজিক মাধ্যমত কয় যে ৰাইজে বিশ্বাস কৰিব পাৰিব নে ? কিয়নো তেওঁ বৃহস্পতিবাৰে জৰ্জিয়াৰ আটলাণ্টালৈ যাব আৰু আত্মসমৰ্পণ কৰিব । ২,০০,০০০ ডলাৰৰ বণ্ড নিৰ্ধাৰণ হোৱাৰ কেইঘণ্টামান পাছতে ট্ৰাম্পে এই ঘোষণা কৰে ।
ইফালে যোৱা এপ্ৰিলৰ পৰা এয়া ট্ৰাম্পৰ চতুৰ্থ গ্ৰেপ্তাৰ হ'ব । তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসৰ প্ৰথমগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি যিয়ে ইমানবোৰ অভিযোগৰ সন্মুখীন হৈছে । ইয়াৰ মাজতে নিউয়ৰ্ক, ফ্ল'ৰিডা আৰু ৱাশ্বিংটন ডি.চি.-ত তেওঁৰ উপস্থিতিয়ে সংবাদ মাধ্যমৰ লগতে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে । সংবাদ মাধ্যমৰ হেলিকপ্টাৰে তেওঁৰ প্ৰতিটো পদক্ষেপ অনুসৰণ কৰি আছে ।