ইণ্টাৰনেশ্যনেল ডেস্ক, 25 আগষ্ট:জৰ্জিয়া কৰ্তৃপক্ষই ড’নাল্ড ট্ৰাম্পৰ মগশ্বটৰ অনুৰোধ নাকচ কৰাৰ পিছত প্ৰদৰ্শিত হৈছে ড’নাল্ড ট্ৰাম্পৰ বহু প্ৰত্যাশিত মগশ্বট । চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা চতুৰ্থবাৰৰ বাবে গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰতিবাৰেই মগশ্বটৰ পৰা হাত সাৰিছিল যদিও বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ হোৱাৰ পিচত ড’নাল্ড ট্ৰাম্পৰ মগশ্বট কৰোৱা হয় ৷
কেইসপ্তাহমানৰ আগতে ট্ৰাম্পে ফটো তুলিব লাগিব নেকি বুলি সোধাত ফুলটন কাউন্টিৰ শ্বেৰিফ পেট লাবাটে কয় যে, “ইয়াৰ সৈতে আপোনাৰ মৰ্যাদাৰ কোনো কথা নাই, আমি আপোনাৰ বাবে এটা মগশ্বট সাজু কৰি ৰাখিম ।" অৱশ্যে গ্ৰেপ্তাৰৰ পিচতে 200,000 মাৰ্কিন ডলাৰৰ বণ্ড আৰু অন্যান্য মুক্তিৰ চৰ্ত সাপেক্ষে আত্মসৰ্মপণ কৰে ট্ৰাম্পে ৷ জেলৰ পৰা ওলায় অহাৰ পিচতে ন্যায় ব্যৱস্থাক তাচ্ছিল্য কৰে ট্ৰাম্পে ৷
ইতিমধ্যে বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন ধৰণে ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ সাজু হোৱাৰ সময়তে শেহতীয়াকৈ বিভিন্ন আইনী মেৰপেচত সোমায় পৰা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে 24 আগষ্ট বৃহস্পতিবাৰে (স্থানীয় সময় অনুসাৰে) আত্মসমৰ্পণ কৰিছে ৷ 2020 চনৰ নিৰ্বাচনী ফলাফল বাতিল কৰাৰ ষড়যন্ত্ৰৰ অভিযোগৰ গোচৰৰ মুখামুখি হোৱা ট্ৰাম্পে জৰ্জিয়াত 200,000 মাৰ্কিন ডলাৰৰ বণ্ড আৰু অন্যান্য মুক্তিৰ চৰ্ত সাপেক্ষে আত্মসৰ্মপণ কৰে ৷ ট্ৰাম্পৰ প্ৰতিৰক্ষা অধিবক্তা আৰু ন্যায়াধীশৰ দ্বাৰা স্বাক্ষৰিত বণ্ড চুক্তি অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গোচৰটোৰ সহ-প্ৰতিবাদী, সাক্ষী বা ভুক্তভোগীসকলক ভয় খুৱাবলৈ বাধা দিয়া হৈছে ।