ইণ্টাৰনেচনেল ডেস্ক, ২৪ জুন :১৯১২ চনত উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল ব্ৰিটিছ যাত্ৰীবাহী লাইনাৰ টাইটানিক । এই টাইটানিক জাহাজৰ অনুসন্ধানত নামি ১৩,০০০ গভীৰলৈ গৈছিল টাইটান নামৰ এখন ছাবমেৰিন । তাত আছিল পাঁচগৰাকী যাত্ৰী । কিন্তু আটলাণ্টিকৰ গভীৰতাত থকা প্ৰলংয়কৰী বিবিধতাৰ বাবে মৃত্যু হয় টাইটানত থকা পাঁচোজন যাত্ৰীৰ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ কৰ্তৃপক্ষই বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) এই কথা নিশ্চিত কৰিছে ।
বিশ্বৰ ইতিহাসৰ আটাইতকৈ ভয়ানক জাহাজ ডুব যোৱাৰ ঘটনা হিচাপে চিহ্নিত টাইটানিকৰ দুৰ্ঘটনাগ্ৰস্ত স্থানৰ ওচৰত চলোৱা পাঁচদিনীয়া আন্তঃৰাষ্ট্ৰীয় অনুসন্ধান অভিযানৰ পিছত ১৬০০ ফুট গভীৰত, মেছাচুছেটছৰ পৰা প্ৰায় ৯০০ কেপ কডৰ ওচৰত টাইটান ছাবমেৰিনখনৰ ধ্বংসাৱশেষৰ সন্ধান পোৱা যায় ।
টাইটানিকলৈ এই ছাবমেৰিণ অভিযান চলাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ব্যক্তিগত মালিকানাধীন কোম্পানী অ'ছেনগেটে । এই কোম্পানীটোৱেও টাইটানৰ যাত্ৰীসকলৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰাৰ কথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ কৰ্তৃপক্ষই জনাইছে । আনহাতে, ৱাশ্বিংটন পোষ্টে বিশেষজ্ঞসকলৰ উদ্ধৃতি দি প্ৰকাশ কৰা প্ৰতিবেদনত কৈছে যে আমেৰিকাত নিৰ্মিত ছাবমনেৰিনখনে কানাডাৰ পৰা আন্তৰ্জাতিক জলসীমালৈ যাত্ৰা কৰিছিল ।