ইণ্টাৰনেশ্যনেল ডেস্ক,১২ মে' :চীনত ভয়ংকৰ বিমান দুৰ্ঘটনা (Plane crash in China)। ৪০ গৰাকীৰো অধিক যাত্ৰী আঘাতপ্ৰাপ্ত দুৰ্ঘটনাটোত । চীনৰ দক্ষিণ-পশ্চিম চংকিং চহৰত তিব্বত এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে এই দুৰ্ঘটনা । ১২২ গৰাকী লোকৰ সৈতে উৰণৰ বাবে সাজু হোৱাৰ সময়তে বিমানখনত জুইৰ সূত্ৰপাত হয় (Tibet Airlines Plane Catches Fire)।
চংকিঙৰ পৰা নিয়িংচিলৈ যাবলৈ সাজু হৈছিল বিমানখন । তিব্বত এয়াৰলাইনছে জনোৱা মতে ১১৩ গৰাকী যাত্ৰী আৰু ৯ গৰাকী বিমান কৰ্মচাৰীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে । আনহাতে চাইনা গ্ল'বেল টেলিভিছন নেটৱৰ্কৰ তথ্য অনুসৰি সামান্য আঘাতপ্ৰাপ্ত ৪০ জনৰো অধিক যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই । জানিব পৰা মতে ১২ মে'ৰ পুৱা প্ৰায় ৮ মান বজাত তিব্বত এয়াৰলাইনছৰ বিমানখন চংকিং জিয়াংবেই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰানৱেৰ পৰা উৰা মাৰিবলৈ লওঁতেই সূত্ৰপাত হয় জুইৰ ।
উৰা মাৰিবলৈ লওঁতেই দাউ দাউকৈ জ্বলি উঠিল যাত্ৰীভৰ্তি বিমান ঘটনা সন্দৰ্ভত প্ৰকাশিত এটা ভিডিঅ'ত দেখা গৈছে যে বিমানবন্দৰৰ ৰানৱেত থকা বিমানখনৰ সন্মুখ ভাগত জুই লাগিছিল আৰু ক'লা ধোঁৱাই বিমানবন্দৰটো চানি ধৰিছিল । আনহাতে যাত্ৰীসকলক পিছফালৰ দুৱাৰেৰে স্থানান্তৰ কৰা হৈছে । চিচিটিভিৰ ভিডিঅ'টোত দেখা গৈছে যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰিছে আৰু কিছু সময়ৰ বাবে ৰানৱেটো বন্ধ কৰি দিয়া হৈছিল ।
জানিব পৰা মতে বিমান সংস্থাটোৱে দুৰ্ঘটনাটো সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে । অতি ৰহস্যজনকভাৱে যোৱা কেই সপ্তাহমানৰ ভিতৰত চীনত যাত্ৰীবাহী বিমান দুৰ্ঘটনাৰ এয়া দ্বিতীয়টো ঘটনা । ১২ মাৰ্চত কুনমিঙৰ পৰা গুয়াংজুলৈ যোৱা এখন বোয়িং ৭৩৭ বিমান গুয়াংছি ঝুয়াং স্বায়ত্তশাসিত অঞ্চলৰ টেংজিয়ান কাউণ্টিত দুৰ্ঘটনাগ্ৰস্ত হৈছিল । বিমানখনত থকা ১৩২ গৰাকী যাত্ৰী আৰু বিমান কৰ্মীৰ মৃত্যু হৈছিল ।
লগতে পঢ়ক :Journalist killed in Jenin : ইজৰাইলী সেনাৰ অভিযানৰ মাজতে পুনৰ সাংবাদিক নিহত