অসম

assam

By ANI

Published : Sep 13, 2023, 8:10 AM IST

ETV Bharat / international

Northeastern Libya floods : লিবিয়াত বৰ্তমানলৈ 5 সহস্ৰাধিকৰো অধিকৰ মৃত্যুৰ আশংকা, নিৰুদ্দিষ্ট 10 হাজাৰ

বানে সংহাৰী ৰূপ ধাৰণ কৰিছে লিবিয়াত ৷ ডেৰ্নাৰ ধ্বংসাৱশেষত 1500 ৰো অধিক মৃতদেহ উদ্ধাৰ ৷ বৰ্তমানেও নিৰুদ্দেশ 10 হাজাৰ লোক ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

Northeastern Libya floods latest update
বানে সংহাৰী ৰূপ ধাৰণ কৰিছে লিবিয়াত

ইণ্টাৰনেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ:উত্তৰ আমেৰিকান দেশলিবিয়াত অব্যাহত আছে প্ৰলয় ৷ মঙলবাৰে জৰুৰীকালীন কৰ্মীসকলে লিবিয়াৰ পূব চহৰ ডেৰ্নাৰ ধ্বংসাৱশেষত 1500 ৰো অধিক মৃতদেহ উদ্ধাৰ কৰে আৰু বানে মথাউৰি ভাঙি চহৰখনৰ সমগ্ৰ চুবুৰী উটুৱাই নিয়াৰ পিছত 10 হাজাৰ লোক এতিয়াও নিৰুদ্দেশ হোৱাৰ খবৰ পোৱাৰ লগে লগে এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে ।

মঙলবাৰে পূব লিবিয়াৰ স্বৰাজ মন্ত্ৰণালয়ৰ মুখপাত্ৰ মহম্মদ আবু-লামুছাৰ উদ্ধৃতিৰে চৰকাৰী সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি কেৱল ডেৰ্নাতে মৃত্যু হোৱা লোকৰ সংখ্যা 5300 অতিক্ৰম কৰিছে । ডেৰ্নাৰ এম্বুলেন্স কৰ্তৃপক্ষই পূৰ্বে 2300 জন লোকৰ সংখ্যা বুলি জনাইছিল ।

দুৰ্যোগ আৰম্ভ হোৱাৰ 36 ঘণ্টাৰো অধিক সময়ৰ পাছত মঙলবাৰে ডেৰ্নাত উপস্থিত হ’বলৈ আৰম্ভ কৰিছিল । বানে প্ৰায় 89 হাজাৰ লোকৰ উপকূলীয় চহৰখনৰ বহু প্ৰৱেশ পথৰ ক্ষতিসাধন কৰাৰ লগতে বা ধ্বংসস্তুপত পৰিণত কৰা পৰিলক্ষিত হৈছিল । প্ৰাকৃতিক দুৰ্যোগৰ ফলত ধ্বংসস্তুপত পৰিণত হোৱা দেশখনৰ পৰা ফ্ৰকাশিত এখন ফটোত দেখা গৈছে এখন চিকিৎসালয়ৰ চোতালত কম্বলেৰে ঢাকি থোৱা কেইবা ডজন মৃতদেহ । আন এখন ছবিত মৃতদেহৰ স্তূপ হৈ থকা এটা গণকবৰ দেখা গৈছিল । পূব লিবিয়াৰ স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, 1500 ৰো অধিক মৃতদেহ সংগ্ৰহ কৰা হৈছে আৰু মঙলবাৰে সন্ধিয়া পৰ্যন্ত ইয়াৰে আধা সংখ্যকক সমাধিস্থ কৰা হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, এক দশকতকৈও অধিক সময় ধৰি ৰাজনৈতিক বিশৃংখলতাৰ ফলত বিচ্ছিন্ন হৈ পৰা জাতি এটাৰ দুৰ্বলতাৰ বিভিন্ন দিশ উদঙাই দেখুৱালে এই প্ৰলয়ে । প্ৰতিদ্বন্দ্বী চৰকাৰে দেশখন পূব-পশ্চিমত বিভাজিত কৰাৰ ফলত দেশখনৰ বহু ক্ষেত্ৰত আন্তঃগাঁথনিৰ প্ৰতি অৱহেলা ঘটিছে ।

লগতে পঢ়ক:Floods in eastern Libya : লিবিয়াত বানৰ সংহাৰ, ২০০০ৰো অধিক লোকৰ মৃত্যুৰ আশংকা

ABOUT THE AUTHOR

...view details