ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ অক্টোবৰ :অৱশেষত টুইটাৰৰ দায়িত্ব ল'লে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে (Elon Musk takes charge of Twitter)। টুইটাৰ অধিগ্ৰহণ চুক্তিৰ এক শৃংখলাবদ্ধ নাটকীয় অধ্যায়ৰ সমাপ্তি ঘটায় শুকুৰবাৰে চীফ টুইট হিচাপে দায়িত্ব ল'লে মাস্কে । দায়িত্ব লৈয়ে তেওঁ প্ৰথমটো টুইট কৰিছিল,"The bird is freed"।
ইফালে দায়িত্ব লোৱাৰ পাছতে তেওঁ বৰ্খাস্ত কৰিলে টুইটাৰৰ পূৰ্বৰ কেইবাজনো বিষয়াক । তেওঁলোকৰ ভিতৰত আছে পূৰ্বৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা আৰু আন তিনিজন শীৰ্ষ বিষয়া (CEO Parag Agarwal sacked)। অৱশ্যে তেওঁ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে টুইটাৰত ৭৫ শতাংশ কৰ্মচাৰীক তেওঁ বৰ্খাস্ত নকৰে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাটাও সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল আৰু বিত্ত প্ৰধান নেড চেগালে কোম্পানীৰ চান ফ্ৰাঞ্চিস্কো মুখ্য কাৰ্যালয় ত্যাগ কৰিছে (Finance chief Ned Segal have left Twitter)। আইনী নীতি, বিশ্বাস আৰু সুৰক্ষাৰ মুৰব্বী বিজয়া গাড্ডেকো বৰ্খাস্ত কৰা হৈছে (Vijaya Gadde sacked from Twitter)।
মাস্কে বৃহস্পতিবাৰে টুইটাৰ ক্ৰয় কৰাৰ ৪৪ বিলিয়ন আমেৰিকান ডলাৰৰ চুক্তি সমাপ্ত কৰে (Musk closed the USD 44 billion deal to buy Twitter)। তাৰ পাছতে মাস্কে টুইটাৰৰ পূৰ্বৰ কৰ্মচাৰীৰ ছাটাই অভিযান আৰম্ভ কৰিছে । সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি সাধাৰণ পৰামৰ্শদাতা ছিন এজেট হৈছে চতুৰ্থ শীৰ্ষ কাৰ্যবাহী যাক আগৰৱালা, চেগাল আৰু গাড্ডেৰ সৈতে বৰ্খাস্ত কৰা হৈছে ।