নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ:ভাৰত-কানাডাৰ কূটনৈতিক বিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰিয়ে ৷ বৈদেশিক মন্ত্ৰীগৰাকীয়ে সোমবাৰে (স্থানীয় সময় অনুসৰি) কয় যে, উত্তৰ আমেৰিকাৰ দেশখনত সন্ত্ৰাসবাদীয়ে নিৰাপদ আশ্ৰয় বিচাৰি পাইছে ।
লগতে বৰ্তমান পৰিস্থিতিত শ্ৰীলংকাই ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বুলি কয় । ভাৰত-কানাডাৰ বিবাদ সন্দৰ্ভত শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰিয়ে কানাডাত একাংশ সন্ত্ৰাসবাদীয়ে নিৰাপদ আশ্ৰয় লাভ কৰিছে বুলি উল্লেখ কৰি খালিস্তানী নেতাৰ হত্যাত ভাৰতৰ এজেণ্ট জড়িত থকাৰ কানাডাৰ প্ৰধানমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভতো বক্তব্য প্ৰকাশ কৰে ৷ কানাডাৰ প্ৰধানমন্ত্ৰীয়ে কোনো প্ৰমাণ নোহোৱাকৈ কিছুমান অতিশয় ক্ষোভজনক অভিযোগ উত্থাপন কৰিছে বুলি কয় ।
তেওঁ কয় যে ট্ৰুডোৱে শ্ৰীলংকা সন্দৰ্ভতো একেখিনি কথাই কৈছিল যে শ্ৰীলংকাত ভয়ংকৰ গণহত্যা হৈছে, যিটো সম্পূৰ্ণ মিছা আছিল । তেওঁ লগতে কয়, ‘‘আমাৰ দেশত যে গণহত্যা হোৱা নাছিল সেয়া সকলোৱে জানে ।’’
ছাব্ৰিয়ে কয়, "কালি দেখিলোঁ যে ট্ৰুডোৱে নাজীৰ সৈতে জড়িত কোনোবা এজনক উষ্ম আদৰণি জনাইছে । এয়া সন্দেহজনক আৰু আমি ইয়াৰ সৈতে পূৰ্বেও মোকাবিলা কৰিছো । পি এম ট্ৰুডোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰাত মই আচৰিত নহয় ।"
একে সময়তে ভাৰতত শ্ৰীলংকাৰ বিদায়ী উচ্চায়ুক্ত মিলিণ্ডা মোৰাগোডাই কয় যে কানাডাৰ অভিযোগৰ প্ৰতি ভাৰতৰ প্ৰতিক্ৰিয়া অতি কঠোৰ আৰু বিচাৰহীন । এই বিষয়ত শ্ৰীলংকাই ভাৰতক সমৰ্থন কৰে । সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে শ্ৰীলংকাৰ জনসাধাৰণে সন্ত্ৰাসবাদৰ বাবে ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁৰ দেশে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে ।
উল্লেখ্য যে, কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজাৰ গুলীচালনাত নিহত হয় ৷ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই ক্ষেত্ৰত ভাৰতৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰে । ইয়াৰ পিছত ভাৰত আৰু কানাডাৰ সম্পৰ্ক ক্ৰমশঃ বেয়াৰ দিশে ধাৱমান হৈছিল । কানাডাৰ ছাৰেৰ গুৰুদ্বাৰৰ বাহিৰত 18 জুনত তেওঁক হত্যা কৰা হৈছিল ।
লগতে পঢ়ক :India and Canada relation: ভাৰতৰ ওপৰত কানাডাৰ অভিযোগ গুৰুতৰ-আমেৰিকা