ইণ্টাৰনেচনেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : পাকিস্তানৰ কৰাচী আৰক্ষী প্ৰধানৰ মুখ্য কাৰ্যালয়ত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণ । শ্বাৰেয়া ফৈজলত অৱস্থিত এই কাৰ্যালয়টোত অচিনাক্ত বন্দুকধাৰীয়ে অতৰ্কিতে আক্ৰমণ চলায় (Gunmen attacked on Karachi police chief office) । সিন্ধু প্ৰদেশৰ এজন মুখপাত্ৰই জনোৱা মতে, প্ৰাৰম্ভিক অনুমান অনুসৰি আঠৰ পৰা দহজন "সশস্ত্ৰ সন্ত্ৰাসবাদী" এই আক্ৰমণৰ ঘটনাটোত জড়িত আছে (terrorists attacked on Karachi police chief office) ।
আৰক্ষী প্ৰধানৰ কাৰ্যালয়ৰ কাষত অৱস্থিত সদৰ আৰক্ষী থানাইও এক বিবৃতি জাৰি কৰি এই আক্ৰমণৰ ঘটনাৰ কথা প্ৰকাশ কৰিছে । "এছএইচঅ', পি আই খালিদ হুছেইন মেমনে জনাইছে যে, কৰাচী আৰক্ষী কাৰ্যালয়ৰ ওচৰৰ সদৰ আৰক্ষী থানাত অজ্ঞাত আততায়ীয়ে আক্ৰমণ চলাইছে । সকলো ঠাইতে গুলীচালনা চলি আছে (terrorist attacked in Karachi Pakistan) ।" বিবৃতিটোত কোৱা হৈছে । আনহাতে, আক্ৰমণস্থলীলৈ অতিৰিক্ত আৰক্ষীৰ দল আৰু ৰেঞ্জাৰসকলক মাতি অনা হৈছে ।
ৰেঞ্জাৰৰ মুখপাত্ৰজনে কয় যে, ইতিমধ্যে কুইক ৰেচপন্স ফ'ৰ্চ (Quick Response Force, QRF) ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰে । "আৰক্ষীৰ সৈতে ৰেঞ্জাৰসকলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।" মুখপাত্ৰজনে কয় । আনহাতে, আৰক্ষীৰ শল্য চিকিৎসক ডাঃ চুম্মাইয়া চৈয়দে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, এধি ফাউণ্ডেচনৰ এজন আঘাতপ্ৰাপ্ত কৰ্মচাৰীক চিকিৎসাৰ বাবে জিন্না স্নাতকোত্তৰ চিকিৎসা কেন্দ্ৰলৈ (Jinnah Postgraduate Medical Centre, JPMC) নিয়া হৈছে ।