অসম

assam

By

Published : Apr 20, 2023, 11:34 AM IST

ETV Bharat / international

Stampede in Yemen: য়েমেনৰ ৰাজধানীত পদপিষ্টৰ ঘটনাত নিহত ৮৫, আহত ৩২২

হুথিৰ আভ্যন্তৰীণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, দেশখনৰ ছানাৰ কেন্দ্ৰস্থলৰ পুৰণি চহৰখনত শ শ দৰিদ্ৰ লোক উপস্থিত হৈছিল । তাত ব্যৱসায়ীসকলৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত তেওঁলোক একত্ৰিত হোৱাৰ সময়তে এই শোকাৱহ ঘটনাটো ঘটে (Stampede in Yemens capital) ।

Stampede in Yemen
Stampede in Yemen

ইণ্টাৰনেচনেল ডেস্ক, ২০ এপ্ৰিল : বুধবাৰে য়েমেনত সংঘটিত হয় এক শোকাৱহ ঘটনা । য়েমেনৰ ৰাজধানীত সংঘটিত এই দুৰ্ঘটনাত কমেও ৮৫ জন লোকৰ মৃত্যু হয় (Stampede in Yemens capital kills 78) । আনহাতে, আহত হয় আন ৩২২ জন লোক । উল্লেখ্য, বুধবাৰে দিনটোৰ শেষৰ ফালে য়েমেনৰ ৰাজধানীত এক আৰ্থিক সাহায্য বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল । তাতেই সংঘটিত হয় দুখজনক পদপিষ্টৰ ঘটনা (Stampede in Yemen) । এই পদপিষ্টৰ ঘটনাতেই ৮৫ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হোৱা বুলি হুথিৰ এগৰাকী বিষয়াই কয় । হুথি সমৰ্থিত আভ্যন্তৰীণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, ছানাৰ কেন্দ্ৰস্থলত থকা পুৰণি চহৰখনত শ শ দৰিদ্ৰ লোক ব্যৱসায়ীসকলৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত একত্ৰিত হৈছিল ।

মন্ত্ৰালয়ৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ আব্দেল খালেক আল আঘ্ৰীয়ে স্থানীয় কৰ্তৃপক্ষৰ সৈতে কোনো ধৰণৰ সমন্বয় নোহোৱাকৈ এই সাহায্য পুঁজি বিতৰণৰ বাবেই উক্ত দুৰ্যোগ সংঘটিত হোৱা বুলি দোষাৰোপ কৰে । উল্লেখ্য, আহতসকলক ইতিমধ্যে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে । হুথিৰ আল-মাছিৰাহ টিভি চেনেলৰ তথ্য অনুসৰি, ছানাৰ এজন জ্যেষ্ঠ স্বাস্থ্য বিষয়া মোতাহেৰ আল-মাৰুনীয়ে মৃত্যুৰ সংখ্যা প্ৰদান কৰি লগতে কয় যে কমেও আন ১৩ জন গুৰুতৰভাৱে আহত হৈছে ।

উল্লেখ্য যে বিদ্ৰোহীসকলে অনুষ্ঠানটো আয়োজন কৰা বিদ্যালয়খন তৎক্ষণাৎ বন্ধ কৰি দিয়ে আৰু সাংবাদিকসহ লোকসকলক ওচৰলৈ যোৱাত বাধা দিয়ে । ঘটনাৰ প্ৰত্যক্ষদৰ্শী আব্দেল ৰহমান আহমেদ আৰু য়াহিয়া মোহছেনে কয় যে সশস্ত্ৰ হুথিসকলে জনতাক নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা চলায় আৰু শূন্যলৈ গুলীচালনা কৰে । কিন্তু দুৰ্ভাগ্যবশত এটা গুলীয়ে বৈদ্যুতিক তাঁৰত আঘাত কৰে আৰু ইয়াত বিস্ফোৰণ ঘটে । ইয়াৰ ফলত আতংকৰ সৃষ্টি হয় আৰু মানুহে দৌৰাদৌৰি কৰাৰ ফলত বাগৰি পৰি পদপিষ্ট হ'বলৈ আৰম্ভ কৰে ।

হুথি পৰিচালিত আভ্যন্তৰীণ মন্ত্ৰালয়ে প্ৰকাশ কৰে যে তেওঁলোকে দুজন আয়োজকক আটক কৰিছে আৰু ইয়াৰ তদন্ত চলি আছে । উল্লেখ্য যে ২০১৪ চনত ইৰাণ সমৰ্থিত হুথিসকলে উত্তৰৰ দুৰ্গৰ পৰা নামি আহি আন্তৰ্জাতিকভাৱে স্বীকৃত চৰকাৰখনক আঁতৰাই য়েমেনৰ ৰাজধানী নিয়ন্ত্ৰণ কৰে ।

আনহাতে, হুথিৰ এই পদক্ষেপৰ ফলত ২০১৫ চনত চৌডি নেতৃত্বাধীন মিত্ৰজোঁটে আন্তৰ্জাতিকভাৱে স্বীকৃত চৰকাৰ পুনৰুদ্ধাৰৰ চেষ্টা কৰিবলৈ হস্তক্ষেপ কৰে । এই সংঘৰ্ষ শেহতীয়া বছৰবোৰত চৌডি আৰব আৰু ইৰাণৰ মাজত শীতল যুদ্ধলৈ পৰিৱৰ্তিত হৈছে । এই যুদ্ধত যুঁজাৰু আৰু অসামৰিক লোকসহ ১,৫০,০০০-ৰো অধিক লোক নিহত হৈছে আৰু বিশ্বৰ আটাইতকৈ শোচনীয় মানৱীয় দুৰ্যোগৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Sudan clashes continue: ছুডানত সংঘৰ্ষত নিহতৰ সংখ্য়া ৯৭লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details