নিউজ ডেস্ক, 12 মে’: শ্ৰীলংকাৰ এখন আদালতে বৃহস্পতিবাৰে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচা আৰু তেওঁৰ পুত্ৰ তথা সাংসদ নামাল ৰাজাপাকচাক বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে (Mahinda Rajapaksa barred from travelling overseas) ৷ কলম্বোত চৰকাৰ বিৰোধী প্ৰতিবাদত সংঘটিত আক্ৰমণৰ অনুসন্ধানৰ বাবেই এই নিৰ্দেশনা দিছে আদালতে ৷ ফ’ৰ্ট মেজিষ্ট্ৰেটৰ আদালতে দুয়োগৰাকী পিতা-পুত্ৰক নিজৰ পাচপ’ৰ্ট জমা দিয়াৰ বাবে নিৰ্দেশ দিয়ে ৷ গোটাগোগামা আৰু মীনাগোগামাৰ গণতান্ত্ৰিক আন্দোলনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে ইতিমধ্য়ে তদন্ত ঘোষণা কৰা হৈছে (Violence in Sri Lanka) ৷
যোৱা সোমবাৰে শ্ৰীলংকাৰ কলম্বো চহৰত গণতান্ত্ৰিক প্ৰতিবাদৰ মাজতে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল (Protest against Sri Lankan government) ৷ শ্ৰীলংকা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ আবেদনৰ ভিত্তিতেই আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচা আৰু তেওঁৰ সাংসদ পুত্ৰক বিদেশ ভ্ৰমণ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ শ্ৰীলংকা পদুজানা পেৰামুনা দলৰ 13 গৰাকীকৈ জনপ্ৰতিনিধিৰ বিৰুদ্ধে আদালতে জাৰি কৰিছে এই নিৰ্দেশ ৷ তেওঁলোকৰ ভিতৰত আছে জনষ্টন ফাৰ্ণান্দো, সনথ নিশান্ত, পৱিত্ৰা ৱান্নিয়াৰাচ্চি, চি বি ৰতনয়াকে আৰু সঞ্জীৱা এডিৰিমান্নে ৷
দেশবন্ধু টেন্নাকুনৰ পশ্চিম শাখাৰ আৰক্ষীৰ জ্যেষ্ঠ উপ-মহাপৰিদৰ্শকৰ নামো এই তালিকাত আছে ৷ তেওঁকো তদন্তৰ খাতিৰত দেশতেই থাকিবলৈ নিৰ্দেশ দিছে আদালতে ৷
প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচা আৰু ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচাৰ বাসগৃহৰ সমীপত প্ৰতিবাদ কৰা একাংশ প্ৰতিবাদকাৰী জনতাক নিৰ্মমভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এইসকলৰ বিৰুদ্ধে ৷ মহিন্দা ৰাজাপাকচাই ৰাজনৈতিক শক্তি প্ৰদৰ্শন কৰি, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰাৰ বাবে মিত্ৰজোঁটক বাধ্য কৰিবলৈ তেওঁৰ তৃণমূল সমৰ্থকসকলক সমবেত কৰিছিল (Sri Lanka latest news)৷