অসম

assam

ETV Bharat / international

Sri Lanka Crisis: ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাৰ আনুষ্ঠানিকভাৱে পদত্যাগ ঘোষণা - SDGs

অৱশেষত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাই আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেক নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা আনুষ্ঠানিকভাৱে অৱগত কৰে (Sri Lankan President Rajapaksa resigns as President)। শনিবাৰে অধ্যক্ষ মহিন্দ য়াপা আবেয়ৱৰ্ধীনাই এক সংবাদমেলত ১৩ জুলাইত ৰাষ্ট্ৰপতি পদৰ পৰা গোটাবায়া ৰাজাপাক্সাই পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল ।

Sri Lanka President Gotabaya Rajapaksa officially announces resignation
Sri Lanka Crisis: ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাৰ আনুষ্ঠানিকভাৱে পদত্যাগ ঘোষণা

By

Published : Jul 11, 2022, 10:45 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 জুলাই:প্ৰতিবাদকাৰীৰ হেঁচা বৃদ্ধি পোৱাৰ মাজতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাই আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেক নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা আনুষ্ঠানিকভাৱে অৱগত কৰে । কলম্বো গেজেটৰ মতে, ৰাজাপাক্সাই পূৰ্বে ঘোষণা কৰা ধৰণেই পদত্যাগ কৰা বুলি প্ৰধানমন্ত্ৰীৰ মিডিয়া গোটে প্ৰকাশ কৰিছে ৷

ইয়াৰ পূৰ্বে শনিবাৰে অধ্যক্ষ মহিন্দ য়াপা আবেয়ৱৰ্ধীনাই (Speaker Mahinda Yapa Abeywardena) এক সংবাদমেলত ১৩ জুলাইত ৰাষ্ট্ৰপতি পদৰ পৰা গোটাবায়া ৰাজাপাক্সাই পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল । শনিবাৰে ফ’ৰ্টৰ ৰাষ্ট্ৰপতি ভৱনত সহস্ৰাধিক লোকে এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে ৰাজাপাক্সাৰ পদত্যাগৰ প্ৰসংগই অধিক গুৰুত্ব লাভ কৰিছিল । আনকি অব্যাহত থকা প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেও নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল (Prime Minister Ranil Wickremesinghe)। কিন্তু ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ভৱন দখল কৰা প্ৰতিবাদকাৰীয়ে দুয়ো নিজৰ পদৰ পৰা পদত্যাগ নকৰা পৰ্যন্ত ভৱনকেইটা দখল কৰি ৰাখিব বুলি স্পষ্ট কৰি দিছিল ।

উল্লেখ্য যে, দেশখনত অধিক ভয়াৱহ হৈ পৰা অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত উত্তেজনা বৃদ্ধি পাইছে ৷ যোৱা কেইসপ্তাহমানৰ ভিতৰত হাজাৰ হাজাৰ হতাশগ্ৰস্ত জনসাধাৰণে তেল ডিপ’সমূহত শাৰী পাতি থকা ব্যক্তিক আক্ৰমণ কৰাৰ লগতে আৰক্ষী আৰু সশস্ত্ৰ বাহিনীৰ লগত হোৱা কেইবাটাও সংঘৰ্ষৰ খবৰ প্ৰকাশ পাইছে ।

১৯৪৮ চনত স্বাধীনতা লাভ কৰা শ্ৰীলংকাই আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটত ভুগিছে (Sri Lanka suffering worst economic crisis since gaining independence), যিটো ক’ভিড-১৯ ৰ একেৰাহে অহা ঢৌৰ পিছতে সৃষ্টি হৈছে; যিয়ে বছৰ বছৰ ধৰি চলি অহা উন্নয়নৰ গতি স্থবিৰ কৰি পেলালে ৷ তাৰোপৰি বহনক্ষম উন্নয়নৰ লক্ষ্য (SDGs) লাভৰ ক্ষেত্ৰত দেশখনৰ থকা সামৰ্থকক ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত কৰি পেলায় । ইফালে ইন্ধন যোগানত হোৱা নাটনিৰ বাবে দেশখনৰ শিক্ষানুস্থানকে ধৰি চৰকাৰী প্ৰতিস্থানসমূহ পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ ৰাখিব লগা হৈছে ।

ঘৰুৱা কৃষি উৎপাদন হ্ৰাস, বৈদেশিক মুদ্ৰাৰ মজুতৰ অভাৱ, স্থানীয় মুদ্ৰাৰ মূল্য হ্ৰাসে এই নাটনিৰ ক্ষেত্ৰত অধিক প্ৰভাৱ পেলাইছে । অৰ্থনৈতিক সংকটে পৰিয়ালসমূহক ক্ষুধা আৰু দৰিদ্ৰতালৈ ঠেলি দিব - কিছুমানে প্ৰথমবাৰৰ বাবে - বিশ্ব বেংকে হিচাপ কৰা ডেৰ লাখ লোকৰ সংখ্যা বৃদ্ধি কৰিব যিসকল মহামাৰীৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তললৈ নামিছিল ।

লগতে পঢ়ক:দক্ষিণ আফ্ৰিকাৰ আৰক্ষীৰ বাৰত গুলীচালনা, ১৪ জন নিহত

ABOUT THE AUTHOR

...view details