অসম

assam

ETV Bharat / international

State of emergency in Sri Lanka : সংকটত শ্ৰীলংকা... - শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা

শ্ৰীলংকাত দেখা দিছে তীব্ৰ সংকটে । ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ বিৰুদ্ধে দেশখনত ব্যাপক আন্দোলন দেখিবলৈ পোৱা গৈছে । এনে পৰিস্থিতিৰ মাজতে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা (Sri Lanka declares state of emergency)। শুকুৰবাৰৰ নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশখনত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা ।

Sri Lanka President Gotabaya Rajapaksa declares state of emergency
সংকটত শ্ৰীলংকা

By

Published : May 7, 2022, 12:08 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ মে' :তীব্ৰ সংকটত পৰিছে শ্ৰীলংকা । বিভিন্ন সংকটৰ মাজতে শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা (Sri Lanka declares state of emergency)। ৰাষ্ট্ৰপতিৰ মিডিয়া বিভাগৰ তথ্য অনুসৰি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে শুকুৰবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰে ।

এই জৰুৰীকালীন অৱস্থাই আৰক্ষী আৰু সুৰক্ষা বাহিনীক এক বিশেষ ক্ষমতা প্ৰদান কৰে । তেওঁলোকে যিকোনো লোককে আটক আৰু গ্ৰেপ্তাৰ কৰিব পাৰিব । মিডিয়া বিভাগৰ মতে ৰাষ্ট্ৰপতি ৰাজপাক্ষৰ সিদ্ধান্ত আছিল ৰাজহুৱা সুৰক্ষা নিশ্চিত কৰা আৰু অত্যাৱশ্যকীয় সেৱা বজাই ৰখা যাতে দেশৰ কাম-কাজ সুচাৰুৰূপে চলি থাকে ।

উল্লেখ্য যে, দেশখনত দেখা দিয়া বিভিন্ন সংকটৰ পাছত তীব্ৰ আন্দোলনৰ সূচনা হৈছে (Economic crisis in Sri Lanka)। ৰাষ্ট্ৰপতিৰ পদত্যাগৰ লগতে চৰকাৰ ভংগৰ দাবীত কেইবা সপ্তাহধৰি ৰাইজে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে (Protest in Sri Lanka)। যাৰবাবে ৰাষ্ট্ৰপতিয়ে এই ঘোষণা কৰে । ইফালে শ্ৰীলংকা তীব্ৰ অৰ্থনৈতিক সংকটৰ মাজেৰে পাৰ হৈ আছে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ আৰু এক গুৰুতৰ ফৰেক্স সংকটৰ ফলত দেশত বিদ্যুতৰ নাটনি হৈছে ।

ৰাষ্ট্ৰপতি ৰাজপাক্ষেয়ে তেওঁৰ বাসগৃহৰ সন্মুখত হোৱা প্ৰতিবাদৰ পাছতে ১ এপ্ৰিলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল । অৱশ্যে ৫ এপ্ৰিলত ইয়াক প্ৰত্যাহাৰ কৰা হৈছিল । ভাৰত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰখন দেউলিয়া হোৱাৰ দিশত । যাৰবাবে বিদেশী ঋণ পৰিশোধ কৰিবলৈ ব্যৰ্থ হৈছে দেশখন ।

ইয়াৰ অৰ্থনৈতিক দুৰ্দশাই এক ৰাজনৈতিক সংকটৰো সৃষ্টি কৰিছে (Political crisis in Sri Lanka), চৰকাৰে বিভিন্ন প্ৰতিবাদ আৰু সংসদত অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে । শ্ৰীলংকাই ২০২৬ চনৰ ভিতৰত পৰিশোধ কৰিব লগা প্ৰায় ২৫ বিলিয়ন ডলাৰৰ ভিতৰত এই বছৰ ইয়াৰ বিদেশী ঋণৰ ৭ বিলিয়ন ডলাৰ পৰিশোধ কৰিব লাগিছিল । দেশখনৰ মুঠ বিদেশী ঋণৰ পৰিমাণ হৈছে হৈছে ৫১ বিলিয়ন ডলাৰ । দেশখনৰ অৰ্থনৈতিক সংকটৰ ফলত কেইবামাহ ধৰি শ্ৰীলংকাৰ লোকসকলে ইন্ধন, ৰন্ধন গেছ, খাদ্য আৰু ঔষধ ক্ৰয় কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে । কেঁচামালৰ আমদানিত বাধা আহিছে আৰু মুদ্ৰাস্ফীতিৰ অৱনতি ঘটিছে ।

ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ (Russia Ukraine war) সময়ত তেলৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে শ্ৰীলংকাৰ ইন্ধনৰ ভাণ্ডাৰত প্ৰভাৱ পৰিছে । ইন্ধনৰ নাটনি হোৱাৰ লগে লগে দেশজুৰি বিদ্যুৎ কৰ্তন কৰা হৈছে । কিয়নো চৰকাৰে বিদ্যুৎ উৎপাদন কেন্দ্ৰবোৰলৈ পৰ্যাপ্ত ইন্ধন যোগান ধৰিব পৰা নাই ।

ৰাষ্ট্ৰপতি লগতে তেওঁৰ পৰিয়ালৰ একাংশ সদস্যই মন্ত্ৰীকে ধৰি চৰকাৰৰ বিভিন্ন শীৰ্ষ পদত আছে । যাৰবাবে সমগ্ৰ অৰ্থনৈতিক সংকটৰ বাবে জনসাধাৰণে ৰাজপাক্ষে পৰিয়ালক দোষাৰোপ কৰিছে । তেওঁলোকৰ পদত্যাগৰ দাবীত প্ৰতিবাদ অধিক তীব্ৰতৰ হোৱাৰ পাছতে পৰিয়ালৰ তিনি সদস্যই মন্ত্ৰীত্বৰ পদ ত্যাগ কৰে ।

ইফালে শ্ৰীলংকাই তাৎক্ষণিক পুঁজিৰ সুবিধা আৰু দীৰ্ঘম্যাদী উদ্ধাৰ পৰিকল্পনা লাভ কৰাৰ বাবে আন্তৰ্জাতিক মুদ্ৰানিধিৰ সৈতে আলোচনা কৰি আহিছে যদিও ইয়াৰ কোনো সুফল লাভ কৰা পৰিলক্ষিত হোৱা নাই । শ্ৰীলংকাত যিকোনো দীৰ্ঘম্যাদী পৰিকল্পনা আৰম্ভ হ'বলৈ কমেও ছয়মাহ লাগিব ।

লগতে পঢ়ক :State of emergency in Sri Lanka : শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা

ABOUT THE AUTHOR

...view details