নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ: ৰাষ্ট্ৰসংঘই মঙলবাৰে ৰাজনৈতিক অশান্তি আৰু আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা এখন দেশৰ ওপৰত মানৱ অধিকাৰ প্ৰতিবেদনত কয় যে, শ্ৰীলংকাই নিজৰ সামৰিকীকৰণৰ গতি তৎক্ষণাত ওলোটা কৰিব লাগিব ৷ যিয়ে ইয়াৰ সমগ্ৰ ২ কোটি ২০ লাখ জনসংখ্যাৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব (UN human right report on Sri Lanka)।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে শেহতীয়া প্ৰতিবেদনত কয় যে, নতুন চৰকাৰে সামৰিকীকৰণৰ দিশত ধাৱমান হোৱাটো তৎক্ষণাত ওলোটা কৰিব লাগে ৷ কঠোৰ নিৰাপত্তা আইন আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ ওপৰত দমন চলোৱাৰ অন্ত পেলাব লাগে । ইয়াত লগতে কোৱা হৈছে যে চৰকাৰে “নিৰাপত্তা খণ্ডৰ সংস্কাৰ আৰু শাস্তিহীনতাৰ অন্ত পেলোৱাৰ প্ৰতিও নৱীকৃত প্ৰতিশ্ৰুতি দেখুৱাব লাগে” (United Nations on Sri Lanka)।
দক্ষিণ এছিয়াৰ দ্বীপ ৰাষ্ট্ৰখনে অত্যাৱশ্যকীয় সামগ্ৰী আমদানি কৰিবলৈ বিদেশী মুদ্ৰা শেষ হোৱাৰ পিছত এই বছৰ তীব্ৰ খাদ্য আৰু ইন্ধনৰ নাটনিৰ লগতে দীৰ্ঘদিন ধৰি বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ সন্মুখীন হৈছে । এপ্ৰিল মাহত ইয়াৰ চৰকাৰে ৫১ বিলিয়ন ডলাৰৰ বৈদেশিক ঋণ পৰিশোধ নকৰাকৈয়ে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ বেইলআউটৰ বাবে আলোচনা চলি আছে । শ্ৰীলংকাৰ কেন্দ্ৰীয় বেংকে বছৰটোৰ বাবে জিডিপিৰ অভিলেখসংখ্যক আঠ শতাংশ সংকোচনৰ পূৰ্বানুমান কৰিছে (UN human right report on Sri Lanka)।