ইন্টাৰনেচনেল ডেস্ক,21 জুলাই:সংকট, প্ৰতিবাদৰ মাজতে শপত ল'লে শ্ৰীলংকাৰ ষষ্ঠজন ৰাষ্ট্ৰপতি (New President of Sri Lanka) ৷ দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে আজি শপত গ্ৰহণ কৰে ৰণিল ৱিক্ৰমসিংঘেই (Ranil Wickremesinghe sworn in as Sri Lanka's new President)৷ সমগ্ৰ দেশখনতে সাংঘাতিক অৰ্থনৈতিক অচলাৱস্থাই দেখা দিয়াৰ পিছতে গণৰোষৰ বলি হয় পূৰ্বৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচা ৷
ইয়াৰ পিছতেই প্ৰতিবাদী জনতাই ৰাষ্ট্ৰপতি পদ এৰিবলৈ বাধ্য কৰায় গোটাবায়া ৰাজাপাকচাক ৷ দেশখনৰ নাগৰিকে সদ্য পদত্যাগী ৰাজাপাকচাৰ বাসগৃহ, কাৰ্যালয়কে ধৰি সকলো সা-সম্পত্তি জ্বলাই দিয়াৰ পিছতে দেশ এৰি পলাবলৈ বাধ্য হয় পূৰ্বৰ ৰাষ্ট্ৰপতিগৰাকী ৷ অৱশেষত এটা মেইলযোগে ৰাজাপাকচাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ দেশখনৰ ৰাজধানীস্থিত সংসদ ভৱনত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য ন্যায়াধীশ জয়ন্ত জয়াসূৰ্যই শপত বাক্য পাঠ কৰোৱায় শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিগৰাকীক(Wickremesinghe took his oath before Chief Justice Jayantha Jayasuriya)৷