অসম

assam

ETV Bharat / international

Sri Lanka crisis: এসপ্তাহৰ ভিতৰত শ্ৰীলংকাৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ সিদ্ধান্ত কেবিনেটৰ - এসপ্তাহৰ ভিতৰত শ্ৰীলংকাৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ সিদ্ধান্ত কেবিনেটৰ

নিৰ্বাচনৰ পাছতেই ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহেই(Newly-elected President Ranil Wickremesinghe) প্ৰথমখন কেবিনেট বৈঠকত মিলিত হয়(Sri Lanka Cabinet discusses) । উক্ত কেবিনেট বৈঠকত দেশখনৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ সম্পৰ্কে আলোচনা কৰে ।

sri lanka cabinet has met for first time under newly elected president
Sri Lanka crisis: এসপ্তাহৰ ভিতৰত শ্ৰীলংকাৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ সিদ্ধান্ত কেবিনেটৰ

By

Published : Jul 23, 2022, 2:03 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক,২৩ জুলাই: শনিবাৰে প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি শ্ৰীলংকাৰ কেবিনেটে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ৰনিল বিক্ৰম সিংহে(Newly-elected President Ranil Wickremesinghe)ৰ নেতৃত্বত প্ৰথমখন কেবিনেট বৈঠকত মিলিত হয় । উক্ত বৈঠকতে ৰাষ্ট্ৰপতি সচিবালয়ৰ দৰে চৰকাৰী প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপ নিয়মীয়া কৰি এসপ্তাহৰ ভিতৰত অৰ্থনৈতিক সংকটত আক্ৰান্ত দেশখনৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে(Sri Lanka Cabinet discusses) ।

শুকুৰবাৰে নতুন কেবিনেট নিযুক্তিৰ পিছতেই ৰাষ্ট্ৰপতিয়ে বৈঠকৰ আহ্বান জনায় । কেবিনেটক জনোৱা হৈছিল যে এমাহৰ বাবে পৰ্যাপ্ত ইন্ধন সুৰক্ষিত কৰা হৈছে আৰু সেয়েহে কোটা প্ৰণালীৰ অধীনত বিতৰণ ত্বৰান্বিত কৰিব লাগে । ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে তেওঁ নিৰাপত্তা বাহিনীক সংবিধান বজাই ৰাখিবলৈ আৰু মানুহে ভয় নকৰাকৈ জীয়াই থকাৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ ক্ষমতা প্ৰদান কৰিছিল । কেবিনেটে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ (IMF) সৈতে হোৱা আলোচনাৰ বিষয়েও কেবিনেটত উল্লেখ কৰে ।

ইফালে, বিৰোধীয়ে প্ৰধানমন্ত্ৰী দিনেশ গুণৱাৰ্দনাক শুকুৰবাৰে গালে ফেচত নিৰাপত্তা বাহিনীৰ শান্তিপূৰ্ণ প্ৰতিবাদ আৰু দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে আলোচনা কৰিবলৈ সংসদক ২৫ জুলাইত আহ্বান জনোৱাৰ বাবে অনুৰোধ জনাইছিল । শ্ৰীলংকাৰ সৈন্য আৰু আৰক্ষীয়ে শুকুৰবাৰে এছল্ট ৰাইফল আৰু লাঠিৰে সজ্জিত হৈ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ বাহিৰত শিবিৰ পাতি থকা চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলক বলপূৰ্বক আঁতৰাই পথাইছিল । প্ৰতিবাদকাৰীসকলে ৯ জুলাইত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বাসগৃহ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় খালী কৰি দিছিল, কিন্তু তেওঁলোকে বৰ্তমানো ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ কিছু কোঠা দখল কৰি আছে বুলি জানিব পৰা গৈছে ।

আনহাতে প্ৰতিবাদকাৰীসকলে বিক্ৰমসিংহেক নতুন ৰাষ্ট্ৰপতি হিচাপে গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰিছিল আৰু তেওঁক দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ বাবে আংশিকভাৱে দায়ী কৰিছিল । ৯ এপ্ৰিলৰ পৰা ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত প্ৰৱেশ বন্ধ কৰা মুখ্য প্ৰতিবাদী গোটতোৱে উল্লেখ কৰে যে বিক্ৰমসিংহে পদত্যাগ নকৰালৈকে তেওঁলোকে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিব ।

লগতে পঢ়ক:Nanchiyamma: ৰাষ্ট্ৰীয় বঁটা প্ৰাপক প্ৰথমগৰাকী জনজাতীয় নেপথ্য গায়িকা নানচিয়াম্মা

For All Latest Updates

ABOUT THE AUTHOR

...view details