অসম

assam

ETV Bharat / international

South African police killed suspected robbers : আৰক্ষীৰ গুলীত নিহত 18 টা ডকাইত - ৰাষ্ট্ৰীয় আৰক্ষী আয়ুক্ত ফেনী মাছেমোলা

দক্ষিণ আফ্ৰিকাৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰে 18 টাকৈ সন্দেহজনক ডকাইতক ৷ দক্ষিণ আফ্ৰিকাৰ উত্তৰ প্ৰদেশৰ মাখাডোত এক সংবাদ মাধ্যমক সম্বোধন কৰি ৰাষ্ট্ৰীয় আৰক্ষী আয়ুক্ত ফেনী মাছেমোলাই সদৰী কৰে এই তথ্য ৷

South African police killed suspected robbers
দক্ষিণ আফ্ৰিকাত গুলীচালনা

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 9:18 AM IST

নেশ্যনেল, 2 ছেপ্টেম্বৰ : শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰে 18 টা সন্দেহজনক ডকাইতক ৷ দক্ষিণ আফ্ৰিকাৰ উত্তৰ প্ৰদেশৰ মাখাডোত এক সংবাদ মাধ্যমক সম্বোধন কৰি ৰাষ্ট্ৰীয় আৰক্ষী আয়ুক্ত ফেনী মাছেমোলাই কয়, ‘‘সন্দেহযুক্ত লোকসকলে কেছ ইন ট্ৰেনজিট (চিআইটি) ডকাইতিৰ পৰিকল্পনা কৰি আছিল বুলি অভিযোগ উত্থাপন হৈ আছিল ৷ কেৱল এয়াই নহয় এই দলটো বহু অপৰাধ কাৰ্যৰ লগত জড়িত আছিল’’ ৷

শুকুৰবাৰে এটা বেংকৰ পৰা ধন লুট কৰাৰ বাবে আহিছিল এই দলটো ৷ কেবাজনো পুৰুষ-মহিলা থকা এই দলটোৱে ব্যৱহাৰ কৰিছিল এখন বিশেষ বাহন ৷ এই গেংটোৰ মিছন সন্দৰ্ভত খবৰ লাভ কৰি দক্ষিণ আফ্ৰিকাৰ আৰক্ষীয়ে চলায় অভিযান ৷

এই অভিযানৰ সময়তে ডকাইতৰ দলটোৰ সৈতে আৰক্ষীৰ মাজত গুলীচালনা সংঘটিত হয় ৷ প্ৰায় 90 মিনিটত ধৰি চলিছিল এই গুলীচালনা ৷ এই গুলীচালনাত আহত হয় এজন আৰক্ষী বিষয়া ৷ লগতে আৰক্ষীয়ে জনোৱা মতে, এই গুলীচালনাত ডকাইতি গেঙৰ ষোল্লটা পুৰুষ আৰু দুগৰাকী মহিলাৰ মৃত্যু হৈছে ।

ইফালে আন চাৰিটা সন্দেহযুক্ত লোকক সুকীয়া স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীৰ মুখপাত্ৰ ব্ৰি. এথলেণ্ডা মেথে এক প্ৰেছ বিবৃতিত কয় যে এই অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে 7 টা অটোমেটিক ৰাইফল আৰু হাই-পাৰফৰমেন্স স্প’ৰ্টছ গাড়ীকে ধৰি 10 খন বাহন ।

শুকুৰবাৰে আৰক্ষীয়ে লক্ষ্য কৰি লোৱা ডকাইতৰ দলটোৱে কমেও তিনিখন প্ৰদেশত ডকাইতি কৰাৰ সন্দেহ কৰা হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Aditya-L1 launch : পুৱা 11.50 বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা হ’ব আদিত্য-L১ ক

ABOUT THE AUTHOR

...view details