অসম

assam

ETV Bharat / international

Emergency landing OF Plane: জৰুৰী অৱতৰণৰ সময়তে বিমানে খুন্দিয়ালে বাহনক - বিমানৰ জৰুৰী অৱতৰণৰ সময়তে দুৰ্ঘটনা

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছ চহৰত বিমানৰ জৰুৰী অৱতৰণৰ সময়তে দুৰ্ঘটনা সংঘটিত হৈছে ৷ এখন সৰু বিমানে ৰাণৱে অতিক্ৰম কৰি ওচৰৰ পথ এটাত গৈ থকা অৱস্থাতে এখন গাড়ীত খুন্দা মৰাৰ ফলত এজন লোক আহত হয় বুলি জানিব পৰা গৈছে ।

Emergency landing OF Plane
জৰুৰী অৱতৰণৰ সময়তে বিমানে খুন্দিয়ালে বাহনক, এজন আহত

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 7:42 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 নৱেম্বৰ:বিমানৰ জৰুৰী অৱতৰণৰ সময়তে দুৰ্ঘটনা ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছ চহৰত সংঘটিত হৈছে এই বিমান দুৰ্ঘটনাটো ৷ বিমান বন্দৰকৰ্তৃপক্ষই জনোৱা মতে, সপ্তাহটোৰ শেষৰ ফালে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ টেক্সাছ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত এখন সৰু বিমানে ৰাণৱে অতিক্ৰম কৰি ওচৰৰ পথ এটাত গৈ থকা অৱস্থাতে এখন গাড়ীত খুন্দা মৰাৰ ফলত এজন লোক আহত হয় ।

ঘটনাটোৰ দৃশ্য আৱদ্ধ হোৱা ভিডিঅ’টোত দেখা গৈছে যে শনিবাৰে ডালাছৰ উপকণ্ঠ অঞ্চল মেককিনিত জৰুৰীকালীন অৱতৰণৰ সময়ত প্ৰপেলাৰ নামৰ বিমানখনে বেৰা ভাঙি ওলায় যায় প্ৰচণ্ড জোৰেৰে ৰাস্তাত ছিটিকি পৰে ৷ বিমানখনৰ এটা চকা সুলকি পৰে আৰু ইয়াৰ পিচতে একক ইঞ্জিনৰ বিমানখনে পথেৰে গৈ থকা ৰূপালী চেডান নামৰ বাহনখনৰ সৈতে সংঘৰ্ষত হয় ।

WFAA-TV ৰ আগত বিমান বন্দৰকৰ্তৃপক্ষই কয়, “মই বিমানখন ৰাণৱেৰ পৰা যথেষ্ট সোনকালে নামি অহা দেখিছিলো ৷ মই অৱগত আছিলো যে তেওঁ ৰ’বলৈ সময় নাপাব । বহু বেছি বেগেৰে গৈ থকা বিমানখনৰ টায়াৰবোৰৰে ধোঁৱা ওলাইছিল ।”

মেককিনি অগ্নিনিৰ্বাপক বাহিনীৰ এক বিবৃতিত কোৱা হৈছে যে বিয়লি সংঘটিত হোৱা দুৰ্ঘটনাটোৰ ফলত চিকিৎসকে বিমানখনত থকা দুয়োজন লোকৰ স্বাস্থ্য পৰীক্ষা কৰিছে ৷ গাড়ীখনৰ চালকজনে সামান্য আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, ডালাছৰ পৰা 330 মাইল (531 কিলোমিটাৰ) পশ্চিমে টেক্সাছৰ তেলপেচ চহৰ মিডলেণ্ডৰ পৰা আৰম্ভ হোৱা এই বিমানখনে এৰো কান্ট্ৰী বিমানবন্দৰত জৰুৰীকালীন অৱতৰণৰ চেষ্টা চলাইছিল ।

ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেচনে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Myanmar resistance forces : সামৰিক জুন্টাৰ বিৰুদ্ধে ম্যানমাৰৰ প্ৰতিৰোধ বাহিনীৰ ব্যাপক আঘাত

ABOUT THE AUTHOR

...view details