ইন্টাৰনেশ্য়নেল ডেস্ক, ২৬ এপ্ৰিল: ছিংগাপুৰত বুধবাৰে এক কিলোগ্ৰাম গাঞ্জা সৰবৰাহ কৰাৰ বাবে দোষী সাব্যস্ত হোৱা এজন লোকক মৃত্যুদণ্ড বিহে (Singapore executed a man for trafficking cannabis)। মৃত্যুদণ্ডৰ শাস্তি হ্ৰাস কৰাৰ আন্তৰ্জাতিক আহ্বানক উপেক্ষা কৰি ছিংগাপুৰত ৪৬ বছৰীয়া টাংগাৰাজু চুপ্পিয়াহক বুধবাৰে পুৱতি নিশা চাংগী কাৰাগাৰত ফাঁচী দিয়া হয় (Changi Prison)। এই লোকজনৰ পৰিয়ালে মৃত্যুৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পিচত তেওঁৰ ভগ্নী লীলাৱতী চুপ্পিয়াই কয়,"টাঙ্গাৰাজুক প্ৰথমবাৰৰ বাবে ২০১৮ চনত এক কিলোগ্ৰামতকৈ অধিক গাঞ্জা সৰবৰাহত উচতনি দিয়া বাবে মৃত্যুদণ্ডৰ আদেশ দিয়া হৈছিল। কেন্দ্ৰীয় নাৰ্কোটিক্স ব্যুৰোই (Central Narcotics Bureau) এক বিবৃতিত এই বিষয়ে উল্লেখ কৰিছে ।
তেওঁ ছিংগাপুৰলৈ গাঞ্জাৰ চোৰাং সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা আন দুজন লোকৰ সৈতে ফোনত যোগাযোগ কৰাৰ তথ্য় লাভ কৰা বুলি আদালতে উল্লেখ কৰি এই ৰায় প্ৰদান কৰে (smuggle cannabis into Singapore) । তেওঁৰ দোষী সাব্যস্ত আৰু মৃত্যুদণ্ডৰ বিৰুদ্ধে পূৰ্বৰ আপীলসমূহ আদালতে 2019 চনত খাৰিজ কৰিছিল । আনহাতে, ৰাষ্ট্ৰপতিক ক্ষমাৰ বাবে আবেদন কৰিও বিফল হৈছিল বুলি চিএনবিয়ে উল্লেখ কৰিছে । চিএনবিৰ বিবৃতিত মৃত্যুদণ্ডক ছিংগাপুৰৰ ব্যাপক ক্ষতি প্ৰতিৰোধ ৰণনীতিৰ অংশ বুলি বৰ্ণনা কৰা হৈছে।