ইণ্টাৰনেশ্যনেল ডেস্ক, 12 নৱেম্বৰ:কানাডাত পুনৰ দুৰ্বৃত্তৰ গুলীত নিহত ভাৰতীয়ৰ ৷দেশখনৰ অপৰাধ জগতৰ এগৰাকী “উচ্চ পৰ্যায়ৰ ব্যক্তি” হিচাপে বৰ্ণনা কৰা এজন ভাৰতীয় মূলৰ শিখ লোক আৰু তেওঁৰ 11 বছৰীয়া পুত্ৰক গুলীয়াই হত্যা কৰা হয় ৷ এডমন্টন চহৰত সৃষ্ট এই হিংসাত্মক পৰিস্থিতিক আৰক্ষীয়ে অপৰাধজনিত কাৰ্যকলাপৰ তীব্ৰতা বৃদ্ধি বুলি অভিহিত কৰিছে ।
বৃহস্পতিবাৰে বিয়লি গেছ ষ্টেচনৰ বাহিৰত দিনৰ ভাগত গুলীয়াই হত্যা কৰা হয় ভাৰতীয় মূলৰ হৰপ্ৰীত সিং উপ্পাল (41) আৰু তেওঁৰ পুত্ৰক । শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে জনায় কলিন ডাৰ্কচেনে । ঘটনাটো সংঘটিত হোৱাৰ সময়ত উপ্পালৰ গাড়ীত আছিল তেওঁৰ 11 বছৰীয়া সন্তানটিৰ এজন বন্ধু ৷ বন্ধুজন সুৰক্ষিত বুলি জানিব পৰা গৈছে ৷
দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা কিশোৰটিৰ নাম আৰক্ষীয়ে বৰ্তমানেও প্ৰকাশ কৰা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে কিশোৰটিৰ নশ্বৰ দেহ । ডাৰ্কচেনে কয় যে চুৰি হোৱা এখন সন্দেহজনক বাহন 2012 চনৰ বিএমডব্লিউ এক্স 6 বিউমণ্ট উত্তৰত জুই লগা পৰিলক্ষিত হৈছিল । অৱশ্যে অগ্নিকাণ্ডৰ সংঘটিত হোৱা গাড়ীখনৰ ভিতৰত কোনো লোক উদ্ধাৰ হোৱা নাই আৰু কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই ।
শুকুৰবাৰৰ পুৱা পৰ্যন্ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই আৰু কোনো সন্দেহযুক্ত লোকক চিনাক্ত কৰা নাই বুলি জানিব পৰা গৈছে । ডাৰ্কচেনে কয় যে এডমন্টনত অপৰাধ সংঘটিত হোৱা স্থানত উপ্পাল নামৰ যিজন “উচ্চ পৰ্যায়ৰ ব্যক্তি”ক নিগ্ৰহ কৰা হৈছে, তেওঁ কোনো নিৰ্দিষ্ট গোটৰ সৈতে জড়িত নেকি সেই কথা ক’বলৈ অস্বীকাৰ প্ৰকাশ কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।