ইণ্টাৰনেশ্যনেল ডেস্ক,২০ জুলাই :এইবাৰ ফিফা মহিলা বিশ্বকাপ নিউজিলেণ্ডত অনুষ্ঠিত হ'ব । চৰকাৰে ক্ৰীড়া প্ৰতিযোগিতাটোৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে । ফুটবলৰ দলবোৰে ইতিমধ্যে নিউজিলেণ্ডত উপস্থিত হৈ অনুশীলন আৰম্ভ কৰিছে । ফিফা মহিলা বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলখন আজি অৰ্থাৎ বৃহস্পতিবাৰে নিউজিলেণ্ড আৰু নৰৱেৰ মাজত অনুষ্ঠিত হ'ব ।
ইয়াৰ মাজত দেশখনত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । হঠাৎ এজন বন্দুকধাৰীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে । য'ত দুজন লোক নিহত হয় । নৰৱে আৰু অন্যান্য ফুটবল দল থকা হোটেলৰ কাষতে এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । প্ৰশাসনে জনোৱা মতে আৰক্ষীৰ অভিযানত বন্দুকধাৰীজনো নিহত হৈছে । ইফালে এজন আৰক্ষী বিষয়া আৰু ৪ জন সাধাৰণ নাগৰিক গুলীচালনাত আহত হয় ।
আৰক্ষীয়ে জনোৱা মতে যে আৰক্ষী বিষয়াজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিছ হিপকিন্সে এই ঘটনাক লৈ শোকপ্ৰকাশ কৰাৰ লগতে তেওঁ ঘোষণা কৰিছে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখন পৰিকল্পনা অনুসৰিয়ে অনুষ্ঠিত হ'ব । ফিফা বিশ্বকাপ আৰম্ভ হোৱাৰ লগে লগে অকলেণ্ডত অধিক নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।