ইণ্টাৰনেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ:মাৰ্কিন যুক্তৰাষ্ট্ৰত ক্ৰমাগত হাৰত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷আমেৰিকাত গুলীচালনাৰ ঘটনা ৷আমেৰিকাৰ লুইজিয়ানাৰ এখন বিদ্যালয়ত গুলীচালনা কৰাৰ ফলত এজন ছাত্ৰৰ মৃত্যু হয় আৰু আন দুজন আহত হয় । অভিযুক্তজনক জিম্মাত লোৱা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । গুলীচালনাৰ উদ্দেশ্য এতিয়াও জানিবলৈ পৰা হোৱা নাই ।
লুইজিয়ানাৰ এখন হাইস্কুলত মঙলবাৰে সংঘটিত হয় চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাটো ৷ ফলত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে আন এজনক জিম্মাত লোৱা হৈছে বুলি কৰ্তৃপক্ষই জনায় । ছেইণ্ট হেলেনা পেৰিছ শ্বেৰিফৰ কাৰ্যালয়ে সংবাদ মাধ্যমক জনোৱা মতে, গ্ৰীণছবাৰ্গৰ ছেইণ্ট হেলেনা কলেজ আৰু কেৰিয়াৰ একাডেমীত বিয়লি 3 বজাৰ সমীপত এই ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে । আন দুজন লোকক চিকিৎসাৰ বাবে অঞ্চলটোৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ।
শ্বেৰিফ নেট উইলিয়ামছে জনোৱা মতে, অভিযুক্তজন বিদ্যালয়খনৰ ছাত্ৰ আৰু এগৰাকী কিশোৰ বুলি জানিব পৰা গৈছে ৷ গুলীচালনাকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে । অৱশ্যে গুলীচালনাৰ কাৰণ সন্দৰ্ভত কোনো ঘোষণা কৰা নাই বিদ্যালয় কৰ্তৃপক্ষই । বুধবাৰৰ পৰা সাধাৰণ দিনৰ দৰে পাঠদান আৰম্ভ হ’ব নে নাই সেই কথাও কৰ্তৃপক্ষই জনোৱা নাই ।