অসম

assam

ETV Bharat / international

Israel Hamas war: পেলেষ্টাইন সমৰ্থক সমাৱেশত হামাছৰ প্ৰাক্তন মুৰব্বীৰ অংশগ্ৰহণ; কেৰালা বিজেপিৰ নেতাৰ আশ্চৰ্য প্ৰকাশ

মালাপ্পুৰমত অনুষ্ঠিত পেলেষ্টাইন সমৰ্থক সমাৱেশত হামাছৰ প্ৰাক্তন মুৰব্বী খালেদ মাছালে অংশগ্ৰহণ কৰাত আশ্চৰ্য প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ভি টি ৰেমাৰ ৷ মালাপ্পুৰমত অনুষ্ঠিত হোৱা ছলিডাৰিটি অনুষ্ঠানত হামাছৰ নেতা খালেদ মাছালৰ ভাৰ্চুৱেল ভাষণ আতংকজনক বুলি কয় তেওঁ ৷

Israel Hamas war
কেৰালাৰ বিজেপিৰ উপ-সভাপতিৰ আশ্চৰ্য প্ৰকাশ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 5:40 PM IST

নিউজ ডেস্ক, 29 অক্টোবৰ : কেৰালাৰ মালাপ্পুৰমত অনুষ্ঠিত পেলেষ্টাইন সমৰ্থক সমাৱেশত হামাছৰ প্ৰাক্তন মুৰব্বী খালেদ মাছালে অংশগ্ৰহণ কৰাত আশ্চৰ্য প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ভি টি ৰেমাই কয় যে ধৰ্মনিৰপেক্ষ দেশত ইছলামিক সন্ত্ৰাসবাদীৰ এটা দলে “নিজৰ প্ৰকৃত মানসিকতা দেখুৱাইছে ৷”

"শুনিবলৈ আচৰিত ধৰণৰ খবৰ আছিল ৷ ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ দেশ আৰু কেৰালা নামৰ দক্ষিণৰ ৰাজ্যখনত ইছলামিক সন্ত্ৰাসবাদীৰ এটা দলে নিজৰ প্ৰকৃত মানসিকতা দেখুৱাইছে ৷ সকলোৱে জানে যে হামাছে ইজৰাইলক অভূতপূৰ্বভাৱে আক্ৰমণ কৰিছিল ৷ লক্ষ্য কৰক"- ৰেমাই কয় ৷ কেৰালাৰ জামাত-ইছলামীৰ যুৱ শাখা ছলিডাৰিটি ইউথ মুভমেণ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে হামাছৰ নেতাগৰাকীয়ে ৷

হামাছৰ প্ৰাক্তন মুৰব্বী মাছালে ভাৰ্চুৱেলী আৰবী ভাষাত ভাষণ দিয়ে এই সমাৱেশত ৷ এই সমাৱেশৰ অন্তত কেৰেলা বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনে এনেধৰণৰ ঘটনা গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

"মালাপ্পুৰমত অনুষ্ঠিত হোৱা ছলিডাৰিটি অনুষ্ঠানত হামাছৰ নেতা খালেদ মাছালৰ ভাৰ্চুৱেল ভাষণ আতংকজনক ৷ ক'ত আছে পিনাৰাই বিজয়নৰ কেৰালা আৰক্ষী ? 'পেলেষ্টাইন বচাওক'ৰ আৱৰণত তেওঁলোকে হামাছ আৰু ইয়াৰ নেতাসকলক 'যোদ্ধা' বুলি মহিমামণ্ডিত কৰিছে ৷ এইটো গ্ৰহণযোগ্য নহয় ৷" কে সুৰেন্দ্ৰনে কয় ৷

ইজৰাইল-হামাছ যুদ্ধই শনিবাৰে 22 সংখ্যক দিনত প্ৰৱেশ কৰে ৷ ভাৰতে 7 অক্টোবৰত “ইজৰাইলৰ ওপৰত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ”ক তীব্ৰ গৰিহণা দি কয় যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে যুঁজিবলৈ একেলগে থিয় দিব লাগিব, আৰু ইয়াৰ ওপৰত কোনো ধৰণৰ দ্বিধাবোধ থাকিব নোৱাৰে ৷

"পেলেষ্টাইনৰ এটা সমস্যাও আছিল আৰু সেই সন্দৰ্ভত আমি দুখন ৰাষ্ট্ৰৰ সমাধান স্থাপনৰ বাবে প্ৰত্যক্ষ আলোচনাৰ সপক্ষে আমাৰ স্থিতি পুনৰবাৰ উল্লেখ কৰিছো ৷ আমি অসামৰিক লোকৰ মৃত্যু আৰু মানৱীয় পৰিস্থিতিৰ বিষয়েও আমাৰ উদ্বেগ প্ৰকাশ কৰিছো ৷ আমি আহ্বান জনাম যে আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন কঠোৰভাৱে পালন কৰা ৷" চলিত মাহৰ আৰম্ভণিতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয় ৷

ইজৰাইলৰ সৈতে যুদ্ধৰ মাজতে হামাছৰ প্ৰাক্তন মুৰব্বী মাছালে কেৰালাৰ মালাপ্পুৰমত জামাত-ইছলামীৰ যুৱ শাখা ছলিডাৰিটি ইউথ মুভমেণ্টে আয়োজন কৰা পেলেষ্টাইন সমৰ্থক সমাৱেশত অনলাইন ভাষণ প্ৰদান কৰে ৷ এই ঘটনাক লৈ বিজেপি কেৰালাৰ নেতাসকলে ক্ষোভ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :Israel Hamas War : গাজাত ইজৰাইলৰ দ্বিতীয় পৰ্যায়ৰ সামৰিক অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details