অসম

assam

ETV Bharat / international

১০ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি অভিলেখ গঢ়িলে নেপালী লাকপাই

এভাৰেষ্ট আৰোহণৰ কথা আপুনি নিশ্চয় শুনিছে । এই দুঃসাহসিক অভিযান সকলোৰে বাবে সম্ভৱ নহয় । কিন্তু এবাৰ দুবাৰ নহয় ১০ বাৰকৈ এভাৰেষ্টত আৰোহণ কৰাটো এজন লোকৰ বাবে সম্ভৱনে ? তাকো এগৰাকী মহিলা ৷ কিন্তু এইয়া সত্য ৷ এগৰাকী নেপালী মহিলাই ১০ বাৰকৈ এভাৰেষ্টত আৰোহণ কৰি অভিলেখ গঢ়িছে (Sherpa woman climbs Everest for 10th times)। কোন এইগৰাকী মহিলা আৰু তেওঁৰ সফলতাৰ আঁৰত কাহিনী কি, জানো আহকচোন...

By

Published : May 13, 2022, 12:16 PM IST

Sherpa woman
১০ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি অভিলেখ গঢ়িলে নেপালী লাকপাই

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ মে' :পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট আৰোহণ কৰাটো (Mount Everest climbing) ইমান সহজ নহয় । আটাইতকৈ ভয়ানক আৰু বিপদজনক দুঃসাহসিক অভিযানৰ ভিতৰত অন্যতম এই এভাৰেষ্টৰ আৰোহণ । কিন্তু মনত সাহস আৰু আত্মবিশ্বাস থাকিলে ইয়াক সহজ কৰি তুলিব পাৰি । এই কথাই প্ৰমাণ কৰি তুলিলে নেপালৰ এগৰাকী মহিলাই ।

এভাৰেষ্ট যাত্ৰা কৰা সফল মহিলা হিচাপে চিহ্নিত হৈছে তেওঁ । তেওঁৰ নাম লাকপা শ্বেৰ্পা । আপুনি শুনি আচৰিত হ'ব, ৪৮ বছৰীয়া লাকপা শ্বেৰ্পাই এবাৰ দুবাৰ নহয় দহবাৰলৈ এভাৰেষ্টত আৰোহণ কৰিলে (Lakpa Sherpa climbs Everest for 10th times)। ইয়াৰ লগে লগে মহিলা আৰোহী হিচাপে নিজৰে অভিলেখ ভংগ কৰিলে শ্বেৰ্পাই ।

জানিব পৰা মতে লাকপা শ্বেৰ্পা আৰু আন কেইবাগৰাকী পৰ্বতাৰোহীয়ে অনুকূল বতৰৰ মাজত বৃহস্পতিবাৰে পুৱা এভাৰেষ্টৰ ৮,৮৪৯ মিটাৰ (২৯,০৩২ ফুট) উচ্চতাত হৈ উপস্থিত হৈছে । তেওঁৰ ভাতৃ আৰু অভিযানৰ সংগঠন মিংমা গেলুৱে এই কথা প্ৰকাশ কৰিছে । তেওঁলোকে জনোৱা মতে শ্বেৰ্পাৰ স্বাস্থ্য ভালে আছে আৰু সুৰক্ষিতভাৱে নামি আহিছে ।

লাকপা শ্বেৰ্পাৰ এই সফলতাৰ আঁৰত আন এক কাহিনী আছে । যাৰ বাবে তেওঁ বাৰে বাৰে এভাৰেষ্টত আৰোহণ কৰিছে । কিয়নো দুঃসাহসী শ্বেৰ্পাই কেতিয়াও আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ সুযোগ পোৱা নাছিল । কাৰণ ধনৰ অভাৱৰ বাবে তেওঁ ক্লাইম্বিং গিয়াৰ আৰু ট্ৰেকাৰৰ বাবে সামগ্ৰী কঢ়িয়াই উপাৰ্জন কৰিছিল ।

বৃহস্পতিবাৰে এভাৰেষ্টৰ উচ্চ শিখৰত উপস্থিত হোৱাৰ লগে লগে শ্বেৰ্পাই তেওঁৰ দশম অভিযান সম্পূৰ্ণ কৰিলে । এগৰাকী মহিলাৰ বাবে দহবাৰকৈ এভাৰেষ্টত আৰোহণ কৰা কোনো কাৰণতে সহজ নহয় । আনকি পুৰুষসকলেও বহু চেষ্টা কৰি দহবাৰ এভাৰেষ্ট আৰোহণ কৰিব পৰা নাই ।

কিন্তু শ্বেৰ্পাই মহিলাসকলক অনুপ্ৰাণিত কৰিব বিচাৰিছিল । যাৰবাবে এনেদৰে অতি কঠিন যাত্ৰাকো অতি সাহসিকতাৰে অতিক্ৰম কৰি আহিছে শ্বেৰ্পাই । তিনি সন্তানৰ মাতৃ শ্বেৰ্পা বৰ্তমান কানেক্টিকাটৰ ৱেষ্ট হাৰ্টফৰ্ডত বাস কৰে ।

আন এগৰাকী নেপালী মহিলা শ্বেৰ্পা গাইড কামি ৰীতাই শনিবাৰে আন এক অভিলেখ গঢ়িলে (Nepali Sherpa guide Kami Rita)। তেওঁ ২৬ বাৰৰ বাবে উচ্চ শিখৰত উপস্থিত হয় আৰু এভাৰেষ্টত সৰ্বাধিক আৰোহণৰ নিজৰ অভিলেখ ভংগ কৰে । ৰীতাই আৰু আন পৰ্বতাৰোহীৰ এটা দলক নেতৃত্ব দিছিল যিসকলে এভাৰেষ্টলৈ যোৱা পথটোত ৰছীবোৰ ঠিক কৰিছে । যাতে এই মাহৰ শেষৰ ফালে আন পৰ্বতাৰোহী আৰু গাইডসকলে পৰ্বতৰ শীৰ্ষলৈ যাব পাৰে ।

লগতে পঢ়ক :নিজৰ মৃত্যুৰ বাতৰিক অসত্য আখ্যা দি ফেচবুকত পোষ্ট কৰিলে স্বামী নিত্যানন্দই

ABOUT THE AUTHOR

...view details