অসম

assam

ETV Bharat / international

Teenagers shot : প্ৰথমে এটা পাৰ্টী আৰু তাৰ পিচত হত্যালীলাৰ এক লোমহৰ্ষক আখ্যান - আমেৰিকাত পুনৰ গুলীচালনাৰ ঘটনা

আমেৰিকাৰ লুইজিয়ানাৰ এটি হাউচ পাৰ্টীত গুলীচালনাৰ ঘটনা ৷ ছয়জন কিশোৰৰ মৃত্যু ঘটাৰ লগতে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত কেবাজনো কিশোৰ ৷

several teenagers shot during fight at Louisiana house party
কিশোৰে গুলীয়ালে কিশোৰক

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:21 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 30 অক্টোবৰ: আমেৰিকাত পুনৰ গুলীচালনাৰ ঘটনা ৷ গুলীচালনাৰ ঘটনাত ছয়জন কিশোৰৰ মৃত্যু ঘটাৰ লগতে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, শনিবাৰে নিশা লুইজিয়ানাৰ এটা ঘৰৰ আয়োজন কৰা পাৰ্টিত সংঘটিত হয় এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাটো ৷ যাৰ ফলত ছয়জন কিশোৰক গুলীয়াই হত্যা কৰাৰ লগতে এজনৰ অৱস্থা সংকটজনক হৈ পৰে ।

শনিবাৰে মাজনিশা দক্ষিণ-পূব লুইজিয়ানাৰ লেক চাৰ্লছ চহৰৰ এটা ঘৰত গুলীচালনাৰ খবৰ পোৱাৰ পিছতে কেলকাচিউ পেৰিছৰ শ্বেৰিফৰ স্থানীয় কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । স্থানীয় কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হোৱাৰ পিচতে ঘটনাস্থলীৰ পৰা কেবাজনো গুলীৱিদ্ধ কিশোৰক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে ।

দেওবাৰে শ্বেৰিফৰ কাৰ্যালয়ে এক বিবৃতিযোগে জনোৱা মতে, আটাইকেইজনৰ বয়স 15 ৰ পৰা 19 বছৰৰ ভিতৰত । কৰ্তৃপক্ষই জনোৱা মতে, পাৰ্টীটোত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ যাৰ ফলত কোনোবাই বন্দুক উলিয়াই গুলী চলাবলৈ আৰম্ভ কৰে । আইন প্ৰয়োগকাৰী সংস্থাৰ বিবৃতিত ঘটনা সন্দৰ্ভত কোনো সন্দেহযুক্ত লোক চিনাক্ত কৰা হৈছে নে নাই সেই সন্দৰ্ভত কোনো বক্তব্য আগবঢ়োৱা নাই ।

কেলকাচিউ পেৰিছৰ শ্বেৰিফ টনি মানকুছ’ই কয়, " তদন্ত চলি আছে আৰু অভিভাৱকসকলক নিজৰ সন্তানৰ ওপৰত অধিক দৃষ্টি ৰাখিবলৈ আহ্বান জনায় ।"

মানকুছ’ই লগতে কয়, " ঘটনা সন্দৰ্ভত আমি প্ৰমাণ সংগ্ৰহ কৰি আছো আৰু সকলো সাক্ষীৰ সৈতে কথা পাতিছো । এইটো আছিল কিশোৰ-কিশোৰীৰে ভৰা পাৰ্টি । আমি বিচাৰ কৰাটো দৰকাৰ যে এই অস্ত্ৰবোৰ আমাৰ ল’ৰা-ছোৱালীৰ হাতত কেনেকৈ পৰিছে ৷ কিশোৰ-কিশোৰীৰ হিংসা আমাৰ দেশৰ এটা জটিল সমস্যা আৰু অভিভাৱক হিচাপে ল’ৰা-ছোৱালীয়ে কি কৰি আছে তাৰে প্ৰতি নজৰ ৰখাটো আমাৰ কৰ্তব্য ।”

লগতে পঢ়ক:Veteran Congress leader Sarat Barkataki: চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস এৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীয়ে

ABOUT THE AUTHOR

...view details