অসম

assam

By

Published : Jul 28, 2023, 11:32 AM IST

ETV Bharat / international

Boat capsizes in Philippines : ফিলিপাইনছত ভয়ংকৰ নাও দুৰ্ঘটনা, প্ৰায় ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

ফিলিপাইনছৰ এটা হ্ৰদত নাও দুৰ্ঘটনাগ্ৰস্ত । ৩০ গৰাকী লোকৰ মৃত্যু হৈছে । ৪০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে । এতিয়াও বহু লোক সন্ধানহীন ।

Boat capsizes in Philippines
ফিলিপাইনত ভয়ংকৰ নাও দুৰ্ঘটনা

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ জুলাই :ফিলিপাইনছৰ ৰাজধানী মানিলাৰ সমীপত শোকাৱহ নাও দুৰ্ঘটনা সংঘটিত হৈছে । দুৰ্ঘটনাটোত ৩০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে ৪০ ৰো অধিক লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে । দুৰ্ঘটনাটোক লৈ সমগ্ৰ ফিলিপাইনত শোকৰ ছাঁ পৰিছে ।

ফিলিপাইনছৰ সংবাদ সংস্থাই জনোৱা মতে বৃহস্পতিবাৰে ফিলিপাইনছৰ ৰাজধানী মানিলাৰ সমীপৰ এটা হ্ৰদত এই নাও দুৰ্ঘটনাটো সংঘটিত হৈছে । নাওখন ডুবি যোৱাৰ ফলত প্ৰায় ৩০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । ফিলিপাইনছৰ উপকূলৰক্ষী বাহিনীয়ে কোৱা মতে দুৰ্ঘটনাত পতিত নাওখনৰ নাম এমবিচিএ প্ৰিন্সেচ আয়া । নাওখন বিনাংগোনানৰ বাৰাংগে কালিনাৱানৰ পৰা প্ৰায় ৫০ গজ দূৰৈত ডুব গৈছে ।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি ঘটনাটো পুৱতি নিশা প্ৰায় ১ মান বজাত সংঘটিত হৈছে । জানিব পৰা মতে তীব্ৰগতি বেগেৰে বতাহে মটৰচালিত নাওখনত খুন্দা মাৰিছিল । যাৰ ফলত যাত্ৰীসকল আতংকিত হৈ পৰিছিল আৰু বন্দৰৰ ফালে তেওঁলোক গোট খাইছিল । যাৰ বাবে নাওখন ডুবি যোৱাৰ আশংকা কৰা হৈছে । আন এক সংবাদ সংস্থাৰ মতে উদ্ধাৰ হোৱা আৰু হতাহত ব্যক্তিৰ সংখ্যা এতিয়াও চূড়ান্ত হোৱা নাই আৰু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে ।

অঞ্চলটোত উদ্ধাৰ অভিযানো চলি আছে । দুৰ্ঘটনাটোৰ সময়ত নাওখনত কিমানগৰাকী যাত্ৰী আছিল সেই কথা নিশ্চিত হ'ব পৰা নাই । উদ্ধাৰকাৰীসকলে অভিযান চলাই আছে । জানিব পৰা মতে দুৰ্ঘটনাস্থলী ৰাজধানী চহৰ মানিলাৰ পৰা মাত্ৰ দুই ঘণ্টাৰ দূৰত্বত আছিল । কেইবাগৰাকী লোকে জনোৱা মতে তেওঁলোকৰ পৰিয়ালৰ লোক সন্ধানহীন হৈ আছে ।

লক্ষণীয়ভাৱে ফিলিপাইনছ হৈছে বহু সৰু ডাঙৰ দ্বীপেৰে গঠিত দক্ষিণ পূব এছিয়াৰ এখন দ্বীপৰাষ্ট্ৰ । যাৰ বাবে তাত নাও বা জাহাজৰ জৰিয়তে লোকসকলে সচৰাচৰ যাত্ৰা কৰা দেখা যায় । ফলত এনে ধৰণৰ নাও দুৰ্ঘটনাও প্ৰায়ে সংঘটিত হোৱা দেখা যায় ।

লগতে পঢ়ক :Floods in Afghanistan : আফগানিস্তানত প্ৰবল বান; 47 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details