ইণ্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট:পাকিস্তানৰ পঞ্জাৱৰ পিণ্ডি ভটিয়ান অঞ্চলৰ সমীপৰ ফৈছালাবাদ মটৰৱে’ত দেওবাৰে পুৱা এখন বাছত জুই লাগি 16 জন লোক নিহত হয় বুলি জানিব পৰা গৈছে ৷ লগতে 11 জন লোক আহত হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । কৰাচীৰ পৰা ইছলামাবাদ অভিমুখে গৈ থকা বাছখনে 35 ৰ পৰা 40 জন যাত্ৰী কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে ।
জিলা আৰক্ষী বিষয়া ডাক্তৰ ফাহাদৰ মতে ডিজেল ভৰ্তি ড্ৰাম কঢ়িয়াই অনা এখন পিকআপ ভানৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ ফলত বাছখনত জুই লাগে বুলি জানিব পৰা গৈছে ৷ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি আহত যাত্ৰীসকলৰ অধিকাংশৰে অৱস্থা সংকটজনক বুলি ফাহাদে জানিবলৈ দিয়ে । দুয়োখন বাহনৰ চালকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰত্যক্ষদৰ্শী লোকসকলে খিৰিকী ভাঙি যাত্ৰীসকলক বাছৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিছিল ।