ইণ্টাৰনেশ্যনেল ডেস্ক, 11 নৱেম্বৰ:চুৰি হোৱা বুলি অভিযোগ উত্থাপন হোৱা এখন গাড়ীৰ ভিতৰত উদ্ধাৰ কৰা হৈছে কেবাজনো আঘাতপ্ৰাপ্ত লোকক ৷ শুকুৰবাৰে সংঘটিত হৈছে এই কাণ্ডটো ৷ আমেৰিকাৰ আলাবামাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো ৷ চুৰি হোৱা বাহনখনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীওৱাৰ অভিযওগ উত্থাপিত হৈছে ৷ সংকটজনক অৱস্থাত দুজন গুলীৱিদ্ধ লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় । আনহাতে, আন দুজন আঘাতপ্ৰাপ্ত লোকে নিজাববীয়াকৈ চিকিৎসালয়লৈ যায় বুলি আৰক্ষীয়ে জনায় ।
আৰক্ষীয়ে জনোৱা মতে, আলাবামাৰ বাৰ্মিংহামত চুৰি হোৱা বুলি অভিযোগ উত্থাপন হোৱা গাড়ীখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই ৷ ইয়াৰ ফলত চাৰিজন লোক আহত হয়, ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি কয় আৰক্ষীয়ে জনায় । আৰক্ষীয়ে জনোৱা মতে, বিয়লি 4.30 বজাৰ কিছু সময়ৰ পিছতে দক্ষিণ দিশত থকা আন্তঃৰাজ্যিক 59 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 20 নং ষ্ট্ৰীট এনছলিৰ সমীপত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷