ইন্টাৰনেশ্যনেল ডেস্ক, 26 আগষ্ট :মাদাগাস্কাৰ বাৰেয়া ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত সংঘটিত হয় এক ভয়াৱহ অঘটন ৷ জানিব পৰা মতে, ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছৰ বাবে শুকুৰবাৰে আয়োজন কৰা হৈছিল এক অনুষ্ঠানৰ ৷ এই অনুষ্ঠান উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকৰ সমাগম ঘটিছিল ৷
শুকুৰবাৰে মাদাগাস্কাৰৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামখনত প্ৰৱেশ কৰাৰ সময়তে ক্ৰীড়াপ্ৰেমীৰ মাজত সৃষ্টি হৈছিল এক হুলস্থুলীয়া পৰিৱেশৰ ৷ ফলত ক্ৰীড়াপ্ৰেমীৰ মাজত হতাহতি হৈ মৃত্যু মুখত পৰে 12 জন আৰু আহত হয় 80 জন লোক ৷ আল জাজিৰাৰ বাতৰিত প্ৰকাশ পাইছে এই তথ্য । তথ্য মতে, বাৰেয়া ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত প্ৰায় 50 হাজাৰ দৰ্শকৰ সমাগম ঘটিছিল ।
মাদাগাস্কাৰৰ প্ৰধানমন্ত্ৰী Christian Ntsay য়ে আন্টানানাৰিভোৰ এখন চিকিৎসালয়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়, “শেহতীয়া খবৰ অনুসৰি, এই দুৰ্ঘটনাত 12 জন লোকৰ মৃত্যু হৈছে ৷ লগতে আহত হৈছে প্ৰায় 80 জন” ৷ ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছ হৈছে 3 ছেপ্টেম্বৰৰ ভিতৰত মাদাগাস্কাৰত অনুষ্ঠিত হৈ হোৱা বহু বিষয়ক প্ৰতিযোগিতা ।