অসম

assam

Fire in Bangladesh : বাংলাদেশত অগ্নিকাণ্ডৰ ফলত 40 জনৰ মৃত্যু

By

Published : Jun 5, 2022, 5:44 PM IST

চট্টাগ্ৰামৰ সীতাকুণ্ডাত থকা বি এম কণ্টেইনাৰ ডিপোত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪০ গৰাকীকৈ লোকৰ মৃত্যু (40 killed after explosion at chemical container depot)। ৪৫০ ৰো অধিক লোক আহত । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সমগ্ৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ।

Fire in Bangladesh
বাংলাদেশত মৃত্যুৰ কিৰিলি

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ জুন :বাংলাদেশত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in Bangladesh)। দক্ষিণ-পূব বাংলাদেশৰ এটা ব্যক্তিগত ৰাসায়নিক কন্টেইনাৰ ডিপোত বিস্ফোৰণৰ ফলত প্ৰায় ৪০ গৰাকী লোকৰ মৃত্যু (40 killed after explosion at chemical container depot)। ৪৫০ ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । বাংলাদেশৰ ইতিহাসত অভিশপ্ত হৈ ৰ'ল এই দিনটো ।

শনিবাৰে নিশা চট্টাগ্ৰামৰ সীতাকুণ্ডাত থকা বি এম কণ্টেইনাৰ ডিপোত এই অগ্নিকাণ্ড সংঘটিত হয় (Fire at BM Container Depot at Chattagram)। নিশা প্ৰায় ৯ মান বজাত কণ্টেইনাৰ ডিপোত জুইৰ সূত্ৰপাত হয় । জুই সমগ্ৰ ডিপোত বিয়পি পৰা ফলত ভয়ংকৰ বিস্ফোৰণ হয় । বিস্ফোৰণ ইমানে ভয়ংকৰ আছিল যে অঞ্চলটোৰ প্ৰায় ৪ কিঃমিঃ দূৰলৈ জুইৰ ক'লা ধোঁৱাই ছানি ধৰিছিল । বিস্ফোৰণৰ ফলত অঞ্চলটোৰ বহু অট্টালিকাৰ খিৰিকীৰ গ্লাছবোৰ ভাগি গৈছিল ।

ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ বহু জোৱান জুই নিৰ্বাপনৰ কামত নিয়োজিত হোৱা পৰা দেখা যায় । ঘটনাৰ পাছতে প্ৰায় ১৯ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু ৬ খনকৈ এম্বুলেঞ্চ সেই স্থানলৈ ৰাওনা হয় ।

ইফালে ৰাসায়নিক পদাৰ্থৰ বাবে কণ্টেইনাৰ ডিপোত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে । সূত্ৰৰ পৰা জানিব পৰা মতে ডিপোটোত হাইড্ৰ’জেন পেৰোক্সাইডৰ দৰে কেইবা প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ ৰখা হৈছিল । যাৰ বাবে জুইয়ে অতি ভয়ংকৰ ৰূপ লয় ।

চৰকাৰী চট্টগ্ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (CMCH) এগৰাকী বিষয়াই জনোৱা মতে প্ৰায় ৪০ গৰাকীকৈ লোকৰ মৃতদেহ হাস্পতালৰ মৰ্গলৈ অনা হৈছে । আনহাতে ঘটনাত আহতসকলৰ প্ৰায় ৩৫০ গৰাকী লোককে CMCH লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । ইফালে, চট্টগ্ৰামৰ উপায়ুক্ত আশ্ৰাফ উদ্দিনে কয় যে, মৃতকৰ পৰিয়ালক উপায়ুক্তৰ কাৰ্যালয়ে ৫০,০০০ টকাকৈ ক্ষতিপূৰণ দিছে । ইফালে, আহতসকলৰ পৰিয়ালকো ২০,০০০ টকাকৈ প্ৰদান কৰা হৈছে ।

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সমগ্ৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে (Prime Minister Sheikh Hasina condoles the incident)। জানিব পৰা মতে এই ঘটনাৰ তদন্তৰ বাবে এক শীৰ্ষ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰা হৈছে আৰু অহা তিনিদিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ইফালে বিবৃতিযোগে বি এম কণ্টেইনাৰ ডিপোৰ সঞ্চালক মুজিবুৰ ৰহমানে কয় যে কি কাৰণত জুই লাগিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আহতসকলে যাতে উন্নত চিকিৎসা লাভ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে সঞ্চালকগৰাকীয়ে । আনহাতে ঘটনা মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ দায়িত্বও বহন কৰিব ডিপোৰ কৰ্তৃপক্ষই ।

জানিব পৰা মতে ২০১১ চনৰ পৰাই বি এম কণ্টেইনাৰ ডিপোটো আভ্যন্তৰীণ কন্টেইনাৰ ডিপো হিচাপে চলি আছে । ইফালে ব্যক্তিগত কন্টেইনাৰ ডিপোটো বংগোপসাগৰৰ উপকূলীয় অঞ্চলৰ সীতাকুণ্ডাত প্ৰায় ২১ একৰ ভূমিত নিৰ্মাণ কৰা হৈছিল ।

লগতে পঢ়ক :Shooting incident increased in America: নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পৰা পৰামৰ্শ বিচাৰিলে ৰাষ্ট্ৰপতি বিডেনে

ABOUT THE AUTHOR

...view details