ইণ্টাৰনেশ্যনেল ডেস্ক, 8 অক্টোবৰ:পুনৰ আৰম্ভ হৈছেইজৰাইল-পেলেষ্টাইন ভূমি বিবাদ ৷ বিগত প্ৰায় 74 বছৰ ধৰি চলা দুয়োখন দেশৰ ভূমিকেন্দ্ৰিক বিবাদৰ অন্ত আজিও হোৱা নাই ৷ 1947 চনৰে পৰা পেলেস্তাইনৰ ভূ-খণ্ড দখলৰ বাবে অব্যাহত আছে জুয়োখন দেশৰ মাজৰ এই ক্ষমতাকেন্দ্ৰিক বিবাদ ৷
শনিবাৰে পেলেষ্টাইনী শক্তিশালী প্ৰতিদ্বন্দী গোট হামাছে আকস্মিকভাৱে আৰু ব্যাপক ৰূপত আক্ৰমণ চলায় ইজৰাইলৰ ওপৰত ৷ 300 ৰো অধিক ইজৰাইলী নিহত হয় । আনহাতে আহত হয় 1590 জনৰো অধিক লোক । প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে পেলেষ্টাইনৰ এই আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি গাজাত অৱস্থিত হামাছৰ আত্মগোপনৰ স্থান ধ্বংসাৱশেষলৈ পৰিণত কৰাৰ সকীয়নি দিয়ে ।
উপকূলীয় অঞ্চলত তীব্ৰ বিমান আক্ৰমণৰ ফলত গাজাত মৃতকৰ সংখ্যা 232 লৈ বৃদ্ধি পাইছে । গোটেই নিশাটো ইজৰাইলৰ কমেও 22 টা স্থানত ইজৰাইলী বাহিনী আৰু শ শ হামাছৰ যোদ্ধাৰ মাজত যুদ্ধ সংঘটিত হয় । ইজৰাইলৰ সেনাই দিয়া তথ্য অনুসৰি ইয়াৰ ভিতৰত কমেও দুটা অঞ্চল আছিল য’ত বন্দুকধাৰীয়ে বহুতকে পণবন্দী কৰি ৰাখিছিল ।