ইণ্টাৰনেশ্যনেল ডেস্ক,২১ আগষ্ট :আমেৰিকা যুক্তৰাষ্ট্ৰত বন্দুকধাৰীৰ সন্ত্ৰাস অব্যাহত আছে । এইবাৰ দক্ষিণ ছিয়েটলৰ এটা হুক্কা লাউঞ্জত দেওবাৰে গুলীচালনাৰ ঘটনা সংঘটিত হয় । ফলত ৩ গৰাকী লোক নিহত আৰু আন ৬ গৰাকী আহত হয় । মহানগৰ আৰক্ষীয়ে মাউণ্ট বেকাৰ চুবুৰীয়া অঞ্চলত দেওবাৰে পুৱা সংঘটিত এই গুলীচালনাক লৈ তদন্ত আৰম্ভ কৰিছে যদিও এই ঘটনাৰ সৈতে জড়িত অপৰাধী সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই ।
আৰক্ষী বিষয়াসকলে জনোৱা মতে তেওঁলোকে পুৱা প্ৰায় ৪.৩০ মান বজাত ঘটনা সম্পৰ্কে খবৰ লাভ কৰিছিল । আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ এই সন্দৰ্ভত ফোন আহিছিল । লগে লগে আৰক্ষীৰ লোক তাত উপস্থিত হয় । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুজন পুৰুষ আৰু এগৰাকী মহিলাক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰে । অৱশ্যে দুয়োজন পুৰুষৰ ঘটনাস্থলীতে মৃত্যু হয় । সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পাছত তেওঁৰ মৃত্যু হয় । ভুক্তভোগী লোকসকলৰ নাম আৰু বয়স জানিব পৰা হোৱা নাই ।