ইণ্টাৰনেশ্যনেল ডেস্ক, 23 জুলাই :বাংলাদেশৰ ৰাজধানী ঢাকাত শোকাৱহ ঘটনা ৷ যাত্ৰী ভৰ্তি এখন বাছ পুখুৰীত বাগৰি পৰাৰ ফলত সংঘটিত হয় বাছ দুৰ্ঘটনাটো ৷ বাছ দুৰ্ঘটনাটোৰ ফলত শিশুসহ বৰ্তমানলৈকে 17 জন লোক নিহত হোৱাৰ লগতে 35 গৰাকী লোক আহত হোৱা বুলি জানিবলৈ পৰা গৈছে ৷ বাংলাদেশৰ ঝালাকাঠী সদৰ উপজিলাৰ অন্তৰ্গত ছাত্ৰকাণ্ড অঞ্চলত শনিবাৰে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
চালকৰ অসাৱধানতা তথা অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসাধীন অৱস্থাত থকা যাত্ৰীসকলে ৷ অত্যাধিক যাত্ৰী কঢ়িওৱাৰ বাবেই দেশখনৰ ছাত্ৰকাণ্ড অঞ্চলৰ পুখুৰীত বাছখন ডুব যায় বুলি জানিবলৈ দিয়ে যাত্ৰীসকলে ।
52 জনৰ ক্ষমতা থকাৰ বিপৰীতে 60 জনতকৈ অধিক যাত্ৰী কঢ়িয়াই অনা "বছাৰ স্মৃতি পৰিবহন"ৰ বৰিশাল অভিমুখী বাছখন পুৱা প্ৰায় 9:00 বজাত পিৰোজপুৰৰ ভাণ্ডাৰীয়াৰ পৰা ওলায় অহাৰ অলপ পিছতে বৰিশাল-খুলনা ঘাইপথৰ ছাত্ৰকাণ্ডৰ পথৰ কাষৰ পুখুৰীত বাগৰি পৰে ।