নেশ্যনেল ডেস্ক, 5 জুন : শনিবাৰ আৰু দেওবাৰে আফগানিস্তানৰ (Afghanistan) উত্তৰ প্ৰান্তৰ চাৰ-ই-পুল প্ৰদেশত সংঘটিত হ’ল ভয়ংকৰ ঘটনা ৷ এখন বিদ্যালয়ত বিষাক্ত পদাৰ্থ ৰখাৰ পিচত প্ৰায় 80 গৰাকী ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হ’ল (North Sar-e-Pul) ৷
আফগানিস্তানৰ এজন শিক্ষা বিষয়াই জনোৱা তথ্য অনুসৰি, শনিবাৰ আৰু দেওবাৰে বিদ্যালয়ত বিষাক্ত পদাৰ্থ ৰখা হৈছিল ৷ তাৰ পিচতে প্ৰায় 80 গৰাকী ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Two School had poisoned) ৷ প্ৰাদেশ খনৰ শিক্ষা বিভাগৰ সঞ্চালক মহম্মদ ৰহমানীয়ে কয় যে , ‘‘চাংচাৰক জিলাত অসুস্থ ছাত্ৰীৰ ভিতৰত প্ৰথম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বেছি আছে ৷’’ তেওঁ কয় যে নছৱান-ই-কাবদ স্কুলৰ 60 গৰাকী ছাত্ৰী আৰু নছৱান-ই-ফৈজাবাদ বিদ্যালয়ৰ 17 গৰাকী শিশু আক্ৰান্ত হৈছে বিষাক্ত গেছত (Afghan girls hospitalised after being poisoned) ৷ ইফালে দুয়োখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক চিকিৎসালয়লত ভৰ্তি কৰোৱা হৈছে আৰু ছাত্ৰীসকল বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে ৷