অসম

assam

By

Published : Jun 28, 2023, 8:05 AM IST

ETV Bharat / international

Russias Missile Attacks to Ukraine : ইউক্ৰেইনৰ ক্ৰামাটৰ্স্কত ৰাছিয়াৰ মিছাইল আক্ৰমণ; শিশুসহ নিহত ৪

ইউক্ৰেইনৰ অতি ব্যস্ত ক্ৰামাটৰ্স্কত ৰাছিয়াই মিছাইল আক্ৰমণ ৷ মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭.৩০ বজাত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হয় । ইফালে ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে ৫০০ নিযুত আমেৰিকান ডলাৰ অতিৰিক্ত নিৰাপত্তা সাহায্য পেকেজ ঘোষণা কৰিছে ।

Russias Missile Attacks to Ukraine
Russias Missile Attacks to Ukraine

ইণ্টাৰনেচনেল ডেস্ক, ২৮ জুন :মঙলবাৰে সন্ধিয়া পূব ইউক্ৰেইনৰ এক অতি ব্যস্ত স্থান ক্ৰামাটৰ্স্কৰ মাজভাগত চলোৱা ৰাছিয়াৰ মিছাইল আক্ৰমণত এটা শিশুসহ কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয় । স্থানীয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি চিএনএনৰ বাতৰিত এই কথা প্ৰকাশ ।

ডনেটস্ক অঞ্চলৰ সামৰিক প্ৰশাসনৰ মুৰব্বী পাভলো কিৰিলেঙ্কোৱে প্ৰকাশ কৰা মতে, মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭.৩০ বজাত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হয় । "আমি বৰ্তমান চহৰখনত আহতসকলক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ । আহতসকলৰ অৱস্থালৈ চাই মৃতৰ সংখ্যা বৃদ্ধি পাব পাৰে । স্থানটুকুৰা হৈছে চহৰখনৰ কেন্দ্ৰস্থল । আনহাতে, স্থানখিনি ৰাজহুৱা খোৱাঠাই হোৱা বাবে তাত সাধাৰণ লোকৰ ভিৰ আছিল ।" তেওঁ কয় ।

ইফালে চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি চিএনএনে জনাইছে যে চহৰখনৰ উপকণ্ঠত থকা এখন গাঁৱত দ্বিতীয়বাৰৰ বাবে মিছাইল আক্ৰমণ কৰা হয় । ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰী ইহোৰ ক্লিমেঙ্কোৱে টেলিগ্ৰাম মন্তব্যত কয়, "ৰাছিয়াই ইচ্ছাকৃতভাৱে জনবহুল অঞ্চলসমূহক লক্ষ্য কৰি লৈছে ।"

আক্ৰমণ সংঘটিত হোৱাৰ লগে লগে জৰুৰীকালীন সেৱাসমূহে ঘটনাস্থলীলৈ গৈ আহতসকলক সহায় কৰা আৰম্ভ কৰে । উল্লেখ্য যে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধই অসংখ্য লোকৰ প্ৰাণ কাঢ়িছে । আনহাতে, এতিয়াও দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ চলিয়ে আছে ।

আন এক ঘটনাক্ৰমত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৫০০ নিযুত আমেৰিকান ডলাৰ অতিৰিক্ত নিৰাপত্তা সাহায্য পেকেজ ঘোষণা কৰিছে । এই নিৰাপত্তা পেকেজটোত ৰাছিয়াৰ সৈতে চলি থকা সংঘৰ্ষত ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণাত্মক অভিযানত সহায় কৰিবলৈ আৰু ইয়াৰ বায়ু প্ৰতিৰক্ষা শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ সমৰ্থন আগবঢ়োৱা হৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে মঙলবাৰে এক চৰকাৰী বিজ্ঞপ্তিত কয়, "আজি প্ৰতিৰক্ষা বিভাগে ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অতিৰিক্ত নিৰাপত্তা সাহায্যৰ কথা ঘোষণা কৰিছে ।" "এই অনুমোদন হৈছে ২০২১ চনৰ আগষ্টৰ পৰা ইউক্ৰেইনৰ বাবে ডিঅ'ডি ইনভেণ্টৰিৰ পৰা বাইডেন প্ৰশাসনে আগবঢ়োৱা ৪১ সংখ্যক সাহায্য । ৫০০ নিযুত ডলাৰ মূল্যৰ এই পেকেজটোত ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণাত্মক অভিযানক সহায় কৰাৰ বাবে মুখ্যত সমৰ্থন আগবঢ়োৱা হৈছে । লগতে ইউক্ৰেইনক তেওঁলোকৰ বাসিন্দাসকলক সুৰক্ষিত কৰাত সহায় কৰিবলৈ ইয়াৰ বায়ু প্ৰতিৰক্ষা শক্তিশালী কৰাৰ লগতে অতিৰিক্ত সজ্জিত বাহন, কবচ বিৰোধী প্ৰণালী, গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু অন্যান্য সঁজুলি এই পেকেজটোত আছে ।" বিজ্ঞপ্তিটোত কোৱা হৈছে ।

লগতে পঢ়ক :Vladimir Putin vs Wagner Chief : কি চুক্তিৰ আধাৰত ৰাছিয়া এৰিলে য়েভগেনি প্ৰিগোজিনে ?

ABOUT THE AUTHOR

...view details