ইণ্টাৰনেচনেল ডেস্ক, ২৬ জুলাই: আমেৰিকাৰ সামৰিক বাহিনীয়ে মঙলবাৰে প্ৰকাশ কৰিছে যে, ৰাছিয়াৰ এখন বিমানে ছিৰিয়াৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ড্ৰোণৰ ওপৰত আক্ৰমণ চলায় । যাৰ ফলত ইয়াৰ প্ৰ'পেলাৰ ক্ষতিগ্ৰস্ত হয় । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা চেণ্ট্ৰেলৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল এলেক্স গ্ৰিনকেউইচে এক বিবৃতিত প্ৰকাশ কৰিছে যে, দেওবাৰে ৰাছিয়াৰ যুঁজাৰু বিমানখনে আইএছআইএছৰ বিৰুদ্ধে অভিযান চলাই থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এমকিউ-৯ ড্ৰোণৰ ওচৰেৰে বিপজ্জনকভাৱে উৰা মাৰে, ইয়াক হাৰাশাস্তি কৰে আৰু ওপৰৰ পৰা পোনপটীয়াকৈ ফ্লেয়াৰ নিক্ষেপ কৰে । এই সময়ত বিমান আৰু ড্ৰোণখনৰ মাজত মাত্ৰ কেইমিটাৰমানৰহে ব্যৱধান আছিল ।
"ৰাছিয়াৰ এটা ফ্লেয়াৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এমকিউ-9ত আঘাত কৰে । ইয়াৰ ফলত ইয়াৰ প্ৰ'পেলাৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় । সৌভাগ্যক্ৰমে এমকিউ-9ৰ কৰ্মচাৰীসকলে কিবা প্ৰকাৰে বিমানখন ৰক্ষা কৰে আৰু সুৰক্ষিতভাৱে ইয়াৰ ঘৰুৱা বিমানঘাটিত নমাবলৈ সক্ষম হয় ।" আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা চেণ্ট্ৰেলৰ মুৰব্বীয়ে কয় ।
"ৰাছিয়াৰ যুঁজাৰু বিমানখনে বিমানৰ সুৰক্ষাৰ প্ৰতি দেখুওৱা স্পষ্ট অৱজ্ঞাই আইএছআইএছক সম্পূৰ্ণভাৱে নিৰ্মূল নিশ্চিত কৰাৰ বাবে চলাই থকা আমাৰ অভিযানক বাধাগ্ৰস্ত কৰিছে । আমি ছিৰিয়াত থকা ৰাছিয়ান বাহিনীক এই বেপৰোৱা, অপ্ৰৰোচিত আৰু অপেছাদাৰী আচৰণৰ তাৎক্ষণিকভাৱে সমাপ্তি ঘটোৱাৰ বাবে আহ্বান জনাইছোঁ ।" তেওঁ লগতে কয় । উল্লেখ্য, দেওবাৰৰ ঘটনাটো ছিৰিয়াৰ ওপৰেৰে উৰা ৰাছিয়াৰ যুঁজাৰু বিমান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানৰ মাজত হোৱা সংঘৰ্ষৰ শেহতীয়া ঘটনা ।
চিএনএনৰ বাতৰি অনুসৰি, মাৰ্চ মাহত কৃষ্ণ সাগৰৰ ওপৰত একে ধৰণৰ ঘটনা সংঘটিত হৈছিল । উক্ত ঘটনাত ৰাছিয়াৰ এছইউ-২৭ যুঁজাৰু বিমানে একে ধৰণৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণত আঘাত কৰিছিল । যাৰ ফলত ইয়াৰ প্ৰপেলাৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু ততাতৈয়াকৈ পানীতে নমাবলৈ বাধ্য হৈছিল । যোৱা সপ্তাহত যুটীয়া চীফ অব ষ্টাফৰ অধ্যক্ষ জেনেৰেল মাৰ্ক মিলিয়ে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্লেষকসকলে আক্ৰমণাত্মক ৰাছিয়াৰ কাৰ্যকলাপ বৃদ্ধিৰ সম্ভাৱ্য কাৰণবোৰ পৰীক্ষা কৰি আছে ।
চিএনএনৰ মতে, ছিৰিয়াৰ ওপৰত সংঘটিত কিছুমান ঘটনা দুঘণ্টালৈকে চলিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে কয় । ইয়াৰ পূৰ্বে ১৬ জুলাইত ৰাছিয়াৰ সামৰিক বিমানে ছিৰিয়াত এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানক এক অসুৰক্ষিত আৰু অপেছাদাৰী ধৰণে অনুসৰণ কৰিছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা চেণ্ট্ৰেলৰ মুৰব্বী গ্ৰিনকেউইচে ১৮ জুলাইত এক বিবৃতিত কয়, "মিত্ৰজোঁটৰ 'পৰাজয় আইএছআইএছ মিছন'ৰ সমৰ্থনত আমেৰিকা যুক্তৰাষ্ট্ৰই এমচি-১২ অভিযান চলাই আছিল । কিন্তু প্ৰতিষ্ঠিত নিয়ম আৰু প্ৰটোকলৰ বিৰুদ্ধে গৈ ৰাছিয়াৰ এছইউ-৩৫ বিমানে অতি ওচৰেৰে উৰা মাৰিছিল । যাৰ ফলত এমচি-১২ এক অস্থিৰতাৰ মাজেৰে উৰিবলৈ বাধ্য হৈছিল ।"
এই ঘটনাটোৱে বিমানখন সুৰক্ষিতভাৱে পৰিচালনা কৰাৰ বাবে কৰ্মচাৰীৰ যি সামৰ্থ্য সেয়া হ্ৰাস কৰিছিল আৰু চাৰিজন ক্ৰু সদস্যৰ জীৱন বিপদাপন্ন হৈছিল । "এখন মানৱচালিত বিমানৰ বিৰুদ্ধে কৰা এই পদক্ষেপবোৰে ছিৰিয়াত পৰিচালনা কৰা ৰাছিয়াৰ বিমানৰ দ্বাৰা এক নতুন স্তৰৰ অসুৰক্ষিত আৰু অপেছাদাৰী কাৰ্যকলাপক প্ৰতিনিধিত্ব কৰে । আমি ছিৰিয়াত ৰাছিয়াৰ বাহিনীক বেপৰোৱা আৰু ভাবুকিপূৰ্ণ আচৰণ বন্ধ কৰিবলৈ সজোৰে আহ্বান জনাইছোঁ । এই ঘটনাৰ ফলত দুৰ্ঘটনা আৰু প্ৰাণহানি হ'ব পাৰে ।" তেওঁ লগতে কয় ।