ইণ্টাৰনেশ্যনেল ডেস্ক, ২ জুলাই: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ অব্যাহত আছে । ইয়াৰ মাজতে ইউক্ৰেইনত প্ৰচণ্ড গুলীবৰ্ষণ । দেশখনৰ পূব আৰু দক্ষিণ প্ৰান্তত চলা এই গুলীবৰ্ষণত ৩ গৰাকী সাধাৰণ লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে গুলীবৰ্ষণত প্ৰায় ১৭ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । ইফালে ইউক্ৰেইনে দাবী কৰা মতে ৰাছিয়া এই আক্ৰমণত জড়িত আছে । ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনক সমৰ্থন প্ৰদৰ্শনৰ বাবে স্পেইনৰ প্ৰধানমন্ত্ৰীয়ে কিভ ভ্ৰমণ কৰাৰ সময়তে ৰাছিয়াৰ এই আক্ৰমণ পোহৰলৈ আহিছে ।
ইউক্ৰেইনৰ সংসদত উত্তাল ভাষণ প্ৰদান কৰি স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো স্নচেজে কয় যে যেতিয়ালৈকে প্ৰয়োজন হ'ব তেওঁৰ দেশ ইউক্ৰেইনৰ সৈতে থাকিব । ইউক্ৰেইনলৈ অবৈধ আৰু অযৌক্তিক ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে ইউৰোপীয় (ইউনিয়ন) আৰু ইউৰোপৰ দৃঢ় সংকল্প প্ৰকাশ কৰিবলৈ তেওঁ ইউক্ৰেইন ভ্ৰমণ কৰিছে বুলিও ভাষণত প্ৰকাশ কৰে । ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে সংবাদমেলত প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে স্পেইনে ইউক্ৰেইনলৈ ৪ খন লেপ'ৰ্ড টেংক আৰু সশস্ত্ৰ কৰ্মচাৰীৰ বাবে বাহন, লগতে এখন পোৰ্টেবল ফিল্ড হাস্পটালকে ধৰি অধিক গধুৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিব ।