ইন্টাৰনেশ্যনেল ডেস্ক, 17 জানুৱাৰী :ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলা যুদ্ধৰ সন্দৰ্ভত মঙলবাৰে ৰাষ্ট্ৰসংঘৰ এক ভয়ংকৰ প্ৰতিবেদন প্ৰকাশ পাইছে ৷ প্ৰতিবেদনখনত কোৱা হৈছে, শেহতীয়াকৈ ৰাছিয়াই ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইউক্ৰেইনত চলোৱা আক্ৰমণত 100 ৰো অধিক লোক নিহত হোৱাৰ লগতে প্ৰায় 500 জন আহত হৈছে । ইউক্ৰেইনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ নিৰীক্ষণ মিছনে কৈছিল যে, যোৱা মাহত অসামৰিক লোকৰ হতাহতৰ সংখ্যা 26.5 শতাংশ বৃদ্ধি পাইছে যি নৱেম্বৰ মাহত 468 ৰ পৰা ডিচেম্বৰ মাহত 592 লৈ বৃদ্ধি পাইছে ।
ৰাষ্ট্ৰসংঘৰ নিৰীক্ষণ অভিযানৰ মুৰব্বী ডেনিয়েল বেলে কয়, "2023 চনত অসামৰিক লোকৰ মৃত্যু ক্ৰমান্বয়ে হ্ৰাস পাইছিল ৷ কিন্তু ডিচেম্বৰৰ শেষৰ ফালে আৰু 2024 ৰ আৰম্ভনিতে ৰাছিয়াই চলোৱা আক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ৷ ৰাষ্ট্ৰসংঘৰ মিছনে কৈছিল যে, শেহতীয়াকৈ ৰাছিয়াৰ মিছাইল আৰু ড্ৰোন আক্ৰমণৰ পৰীক্ষা কৰি আছে ৷ কাৰণ 2023 বৰ্ষৰ 29 ডিচেম্বৰত ইউক্ৰেইনৰ জনবসতিপূৰ্ণ অঞ্চলত আক্ৰমণ কৰিছিল ৷ ফলত 86 জন নাগৰিক নিহত হৈছিল আৰু 416 জন আহত হৈছিল ।