ইণ্টাৰনেশ্যনেল ডেস্ক,২৫ জুন : অৱশেষত ৱেগনাৰ সেনা বাহিনীৰ ওচৰত হাৰ মানিলে ৰাছিয়া চৰকাৰে ! ৱেগনাৰ বাহিনীৰ সেনা প্ৰধান য়েভগেনি প্ৰিগোজিনেৰ বিৰুদ্ধে থকা অভিযোগসমূহ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে ৰাছিয়া চৰকাৰে । ইফালে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোৰ সৈতে কৰা চুক্তিৰ অধীনত ৱেগনাৰ ব্যক্তিগত সেনা বাহিনীয়ে মস্কো অভিমুখে তেওঁলোকৰ যাত্ৰা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।
তাৰ পাছতে ক্ৰেমলিনৰ মুখপাত্ৰই কয় যে দেশৰ সামৰিক নেতৃত্বৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ নেতৃত্ব দিয়া ৱেগনাৰ নেতাজনৰ বিৰুদ্ধে থকা অভিযোগসমূহ প্ৰত্যাহাৰ কৰা হ'ব । ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী এছ পেচকভে জনোৱা মতে সৈনিক বিদ্ৰোহত অংশগ্ৰহণ নকৰা ৱেগনাৰ যোদ্ধাসকলে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব পাৰিব ।
বেলাৰুছৰ ৰাষ্ট্ৰপতিয়ে প্ৰিগোজিনৰ সৈতে পৰিস্থিতি নিয়ন্ত্ৰণৰ চুক্তিৰ বিষয়ে আলোচনা কৰি থকা বুলি কোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে । টুইটাৰযোগে বেলাৰুছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিখিছে যে নিশা ৯ বজাত বেলাৰুছ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিদ্বয়ে পুনৰ ফোনযোগে কথা পাতিছিল । বেলাৰুছৰ ৰাষ্ট্ৰপতি লুকাচেঙ্কোৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আলোচনাৰ ফলাফলৰ বিষয়ে অৱগত কৰে । বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ এই পদক্ষেপৰ বাবে ৰাষ্ট্ৰপতি পুটিনে ধন্যবাদ জ্ঞাপন কৰে ।