অসম

assam

Wall street journal reporter detained : চোৰাংচোৱাৰ সন্দেহত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিকক আটক

By

Published : Mar 30, 2023, 8:00 PM IST

ফেডাৰেল চিকিউৰিটি চাৰ্ভিচয়ে আমেৰিক যুক্তৰাষ্ট্ৰৰ সাংবাদিক ইভান গেৰ্শকোভিচক আটক কৰে (FSB detains US Journalist)। ৱাশ্বিংটনৰ বাবে চোৰাংচোৱাৰ সন্দেহত ৰাছিয়াত আটক সাংবাদিকগৰাকীক । ৱাল ষ্ট্ৰীট জাৰ্নেল কৰ্তৃপক্ষই অতি শীঘ্ৰে তেওঁৰ মুক্তিৰ দাবী তুলিছে ।

Wall street journal reporter detained
চোৰাংচোৱাৰ সন্দেহত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিকক আটক

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ মাৰ্চ :চোৰাংচোৱাৰ সন্দেহত ৰাছিয়াত আটক হ'ল ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক ইভান গেৰ্শকোভিচক (Reporter Evan Gershkovich detained)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংবাদিকগৰাকীক ৱাশ্বিংটনৰ বাবে চোৰাংচোৱাৰ সন্দেহত ফেডাৰেল চিকিউৰিটি চাৰ্ভিচয়ে আটক কৰে (FSB detains US Journalist)।

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক বাহিনীৰ আক্ৰমণৰ পাছতে এগৰাকী বিদেশী সাংবাদিকৰ বিৰুদ্ধে লোৱা আটাইতকৈ কঠোৰ পদক্ষেপ হিচাপে এয়া চিহ্নিত হৈছে । এফএছবিয়ে এক বিবৃতি প্ৰকাশ কৰি দাবী কৰে যে ইভান গেৰ্শকোভিচ নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকজনে সামৰিক কাৰখানা সম্পৰ্কে ৰাজ্যিক গোপনীয়তাৰ তথ্য সংগ্ৰহ কৰি আহিছে । অৱশ্যে অভিযোগটোৰ সমৰ্থনত কোনো প্ৰমাণ প্ৰদান কৰা হোৱা নাই ।

এফএছবিয়ে বিবৃতিত লগতে উল্লেখ কৰিছে যে এইটো প্ৰমাণিত হৈছে যে আমেৰিকাৰ ফালৰ পৰা তেওঁ এটা দায়িত্বত কাম কৰি আছে । অভিযোগ অনুসৰি গেৰ্শকোভিচে ৰাছিয়াৰ সামৰিক-ঔদ্যোগিক কমপ্লেক্সৰ এটা উদ্যোগৰ কাৰ্যকলাপৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছিল ।

অৱশ্যে এফএছবিয়ে উদ্যোগটোৰ নাম বা অৱস্থান প্ৰকাশ কৰা নাই । কিন্তু নিশ্চিত কৰিছে যে গেৰ্শকোভিচক উৰালৰ এখন চহৰ য়েকাতেৰিনবাৰ্গত আটক কৰা হৈছে (Wall Street Journal reporter detained in Russia)। বিবৃতি অনুসৰি তেওঁ গোপন তথ্য লাভ কৰাৰ চেষ্টা কৰি আছিল ।

ৱাল ষ্ট্ৰীট জাৰ্নেলে নিজৰ ৱেবছাইটত এক বিবৃতিত কয় যে এফএছবিৰ অভিযোগসমূহ তেওঁলোকে কঠোৰভাৱে অস্বীকাৰ কৰিছে (Wall Street Journal reacts over reporter detained)। লগতে ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বিশ্বাসী আৰু সমৰ্পিত প্ৰতিবেদক ইভান গেৰ্শকোভিচক তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ দাবী জনায় । সংবাদ প্ৰতিষ্ঠানটোৱে উল্লেখ কৰা মতে তেওঁলোকে ইভান আৰু তেওঁৰ পৰিয়ালৰ সৈতে আছে ।

মস্কোত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে এই সন্দৰ্ভত তাৎক্ষণিকভাৱে স্পষ্টীকৰণ দিয়া নাই । আনহাতে ৰাছিয়াত থকা বিদেশী সাংবাদিকসকলেও গেৰ্শকোভিচৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । সাংবাদিকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ এগৰাকী পেছাদাৰী সাংবাদিক হে গুপ্তচৰ নহয় ।

ৰাছিয়াৰ নিৰাপত্তা সংস্থাসমূহৰ এগৰাকী বিশেষজ্ঞই গেৰ্শকোভিচৰ আটকক বিদেশী সংবাদদাতাৰ ওপৰত পোনপটীয়া আক্ৰমণ আৰু এফএছবিয়ে সংযম অবিহনে কাম কৰি থকাৰ লক্ষণ বুলি সমালোচনা কৰিছে । ইফালে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক আক্ৰমণৰ পাছৰে পৰা দেশখনে চেঞ্চৰশ্বিপ আইন কঠোৰ কৰি তুলিছে ।

লগতে পঢ়ক :Khalistani violence in Australia : অষ্ট্ৰেলিয়াত খালিস্তান সমৰ্থকৰ বেআইনী কাৰ্যকলাপ, ৩ জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details