ইন্টাৰনেশ্যনেল ডেস্ক, 4 মে’ : বুধবাৰে ৰাছিয়াই অভিযোগ কৰে যে ইউক্ৰেইনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক হত্যা কৰাৰ চেষ্টা চলাইছিল (Putin in drone attack on the Kremlin) ৷ আনকি ৰাষ্ট্ৰপতি পুটিনৰ বাসভৱনৰ ওপৰত ড্ৰ’ণ নিক্ষেপো কৰা হৈছিল ৷ ক্ৰেমলিন ভৱনৰ পৰা সদৰি কৰা এক বিবৃতিত এই আক্ৰমণক “সন্ত্ৰাসবাদী কাৰ্য বা সন্ত্ৰাসবাদী আক্ৰমণ” বুলি গৰিহণা দিয়া হয় ৷
লগতে এই বিবৃতিটোত উল্লেখ কৰা হয় যে ৰাছিয়াৰ সামৰিক আৰু নিৰাপত্তা বাহিনীয়ে ইউক্ৰেইনে আক্ৰমণ কৰাৰ পূৰ্বেই ড্ৰ’ণসমূহ নষ্ট কৰিবলৈ সক্ষম হৈছিল । উক্ত বিবৃতিত উল্লেখ কৰা অনুসৰি, ইউক্ৰেইনে প্ৰতিশোধ লোৱাৰ প্ৰৱণতা পুহি ৰাখিছে ৷ মাত্ৰ উচিত সময় আৰু সুযোগৰ সন্ধানত আছিল ৷ যাৰ ফলতে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাসগৃহত মঙলবাৰে সন্ধিয়া ড্ৰ’ণেৰে ইউক্ৰেইনে আক্ৰমণৰ চেষ্টা চলাইছিল (Ukraine tried to assassinate Putin ) ৷ মঙলবাৰে ইউক্ৰেইনে দুখন ড্ৰ’ণৰ জৰিয়তে আক্ৰমণৰ চেষ্টা চলাইছিল বুলি বিবৃতিত উল্লেখ কৰে ৰাছিয়াই প্ৰশাসনিক বিষয়াসকলে ।
ক্ৰেমলিন ভৱনৰ পৰা সদৰি কৰা এই বিবৃতিত প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদী আক্ৰমণত ৰাষ্ট্ৰপতি পুটিনৰ কোনো ক্ষতি হোৱা নাই । আই আৰু ক্ৰেমলিন কমপ্লেক্সৰো এই আক্ৰমণত কোনো ক্ষতি হোৱা নাই । পুটিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে সংবাদ সংস্থা আৰ আই এ ন’ভ’ষ্টিক (News agency RIA Novosti) জনোৱা মতে, ড্ৰ’ন আক্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ক্ৰেমলিনত উপস্থিত নাছিল । তেওঁ আৰু কয় যে মঙলবাৰে আক্ৰমণৰ সময়ত পুটিনে মস্কোৰ ওচৰৰ নিজৰ ন’ভ’-অগাৰিয়’ভ’ বাসগৃহত কৰ্মৰত হৈ আছিল ৷