অসম

assam

Russia-Ukraine war: ৰাছিয়াৰ দখলত ইউক্ৰেইনৰ লিচিচানস্ক চহৰ

By

Published : Jul 4, 2022, 3:51 PM IST

বিগত কেইবামাহ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধখনৰ অন্ত কেতিয়া পৰিব তাৰ নিশ্চয়তা নাই (Russia-Ukraine war)। পৰস্পৰে প্ৰদৰ্শন কৰিছে সামৰিক শক্তি । ইয়াৰ মাজতে ইউক্ৰেইনৰ লিচিচানস্ক চহৰ দখল কৰিলে ৰাছিয়ান বাহিনীয়ে। ইউক্ৰেইনৰ সেনাৰ সূত্ৰই নিশ্চিত কৰিছে এই তথ্য়।

russia
Russia-Ukraine war: ৰাছিয়াৰ দখলত ইউক্ৰেইনৰ লিচিচানস্ক চহৰ

ইন্টাৰনেচনেল ডেস্ক,৪ জুলাই: বিগত কেইবামাহ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধখনৰ অন্ত কেতিয়া পৰিব তাৰ নিশ্চয়তা নাই (Russia-Ukraine war)। পৰস্পৰে প্ৰদৰ্শন কৰিছে সামৰিক শক্তি । ইয়াৰ মাজতে ইউক্ৰেইনৰ পূবৰ চহৰ লিচিচানস্ক দখল কৰিলে ৰাছিয়ান বাহিনীয়ে (Ukraine confirms Russia captured eastern city Lysychansk)।

ইউক্ৰেইনৰ সেনাৰ সূত্ৰই কয়, 'লিচিচানস্ক ৰক্ষাৰ বাবে তীব্ৰ যুঁজ ৰখাৰ পিছত ইউক্ৰেইনৰ প্ৰতিৰক্ষা বাহিনীয়ে তেওঁলোকৰ অধিকৃত স্থান আৰু লাইনৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে ।' ইউক্ৰেইনৰ সেনাৰ জীৱন ৰক্ষাৰ বাবে সামৰিক অভিযান প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি ইউক্ৰেইনৰ সেনাৰ সূত্ৰই সদৰি কৰিছে । এই সূত্ৰটোৱে পুনৰ উল্লেখ কৰে যে ৰাছিয়াৰ আৰ্টিলাৰী, বিমান, জনশক্তি আৰু অন্যান্য বাহিনীত একাধিক সুবিধা আছে । অৱশ্য়ে ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ইউক্ৰেইনৰ বাহিনীয়ে তেওঁলোকৰ কৌশল আৰু আধুনিক অস্ত্ৰ বৃদ্ধিৰে শীঘ্ৰেই লিচিচানস্ক পুনৰ দখল কৰিব বুলি দাবী কৰিছে (President Volodymyr Zelensky)।

ইপিনে,ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুৱে তেওঁৰ বাহিনীয়ে লিচিচানস্ক দখল আৰু লুহানস্ক অঞ্চলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰা বুলি দাবী কৰিছে (Russias Defence Minister Sergei Shoigu)। ইয়াৰ পূৰ্বে ৰাছিয়াৰ চেচেন গণৰাজ্যৰ মুৰব্বী ৰমজান কাদিৰভে ভিডিঅ' প্ৰকাশ কৰিছিল য'ত স্পষ্টকৈ লিচিচানস্কৰ কেন্দ্ৰত চেচেন যোদ্ধাসকলক দেখুওৱা হৈছিল । তদুপৰি পশ্চিমে ইউক্ৰেইনৰ অধীনস্থ চহৰ স্লোভিয়ানস্কত ধাৰাসাৰে গুলীবৰ্ষণ হোৱাত কমেও ছয়জন লোক নিহত হৈছে ।

লগতে পঢ়ক:ডেনমার্কৰ ৰাজধানী কোপেনহেগেনৰ শ্বপিং মলত বন্দুকধাৰীৰ অক্ৰমণত নিহত ৩

ABOUT THE AUTHOR

...view details