ইণ্টাৰনেশ্যনেল ডেস্ক, 10 জুন :জাপানৰ ৰাজধানী টকিঅ’ত ভয়ংকৰ দুৰ্ঘটনাৰ ঘটনা ৷ 10 জুন অৰ্থাৎ শনিবাৰে টকিঅ’ৰ অন্যতম এটি বৃহৎ বিমানবন্দৰ হানিদাত ৰাণৱেৰ সময়তে দুখন যাত্ৰীবাহী বিমানৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো ৷ অনাকাংশিতভাৱে সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ ফলত অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই (2 jets accidentally contact each other at Tokyo) ।
দেশখনৰ সংবাদ মাধ্যমৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, বেংককলৈ যাবলৈ ওলোৱা থাই এয়াৰৱেজৰ আন্তঃৰাষ্ট্ৰীয় জেট বিমানে হানিদা বিমানবন্দৰত টাইপেইলৈ যোৱা ইভা এয়াৰৱেজৰ বিমানৰ সৈতে সংঘৰ্ষ হয় ৷ ঘটনা সংঘটিত হোৱাৰ পিচতে বিমান বন্দৰটোত ৰাণৱে বন্ধ কৰি দিয়া হয় । দেশখনৰ সংবাদ প্ৰতিষ্ঠান টিবিএছ টিভি নিউজে একেটা ৰাণৱেত দুখন বাণিজ্যিক জেট বিমান ৰৈ থকাৰ দৃশ্য সম্প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছিল (aircraft crashed japan) ।
লগতে পঢ়ক :IMA Passing Out Parade 2023 : পাছিং আউট পেৰেডত মিত্ৰদেশৰো ৪২ গৰাকী কেডেটৰ অংশগ্ৰহণ