ইণ্টাৰনেচনেল ডেস্ক, ২৫ অক্টোবৰ : ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনক আনুষ্ঠানিকভাৱে ব্ৰিটেইনৰ প্ৰথম হিন্দু প্ৰধানমন্ত্ৰী (First Hindu PM Rishi Sunak of UK) আৰু 200 বছৰতকৈও অধিক ব্ৰিটিছৰাজৰ সময়ৰ ভিতৰত আটাইতকৈ কনিষ্ঠ হিচাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিবলৈ গৈ আছে (UK new Prime Minister Rishi Sunak) । ছুনকে আজি বাকিংহাম পেলেচত ৰজা চাৰ্লছক সাক্ষাৎ কৰে । ৰজা চাৰ্লছ আৰু নতুন প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ মাজত হোৱা উক্ত বৈঠকে ক্ষমতাৰ সাংকেতিক হস্তান্তৰ চিহ্নিত কৰিছে (Rishi Sunak met King Charles)।
উল্লেখ্য, ছুনকে শীঘ্ৰেই প্ৰধানমন্ত্ৰী হিচাপে ব্ৰিটেইনবাসীক উদ্দ্যেশি তেওঁৰ প্ৰথম ভাষণ আগবঢ়াব । বাতৰি অনুসৰি ৰজাৰ সৈতে বৈঠকখন প্ৰাসাদৰ ১৮৪৪ চনৰ কোঠাত অনুষ্ঠিত হৈছিল, য'ত ৰজা চাৰ্লছে ছুনকক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায় (King Charles invited Sunak to form government) ।
ছুনকে ব্ৰিটিছ সময়মতে দুপৰীয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথম ভাষণ প্ৰদান কৰিব বুলি আশা কৰা হৈছে । আনহাতে, বিদায়ী প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে (outgoing PM of UK Liz Truss) বাকিংহাম পেলেচত (Buckingham Palace) ৰজা চাৰ্লছক পদত্যাগ-পত্ৰ প্ৰদান কৰিছে ।
মঙলবাৰৰ দিনটোৰ আৰম্ভণিতে 10 ডাউনিং ষ্ট্ৰীটত অন্তিম কেবিনেট বৈঠকত সভাপতিত্ব কৰাৰ পিছত ভাষণ দি ট্ৰাছে কয় যে তেওঁৰ চৰকাৰে কঠোৰ পৰিশ্ৰমী পৰিয়ালবোৰক সহায় কৰিবলৈ "জৰুৰী আৰু নিৰ্ণায়কভাৱে" কাম কৰিছে আৰু দেউলীয়া হোৱাৰ পৰা ৰক্ষা কৰিবলৈ হাজাৰ হাজাৰ ব্যৱসায়ক সহায় আগবঢ়াইছে ।