অসম

assam

By ANI

Published : Jan 16, 2024, 3:56 PM IST

ETV Bharat / international

যুদ্ধৰ বাবে 2024 বৰ্ষৰ বাজেট হ্ৰাস কৰিলে ইজৰাইলে, শিক্ষা-স্বাস্থ্য বিভাগৰ পৰা কৰ্তন ধন

Israels budget cut to aid war effort : ইজৰাইল-হামাছৰ যুদ্ধৰ বাবে বাজেটত ধন হ্ৰাস ইজৰাইলৰ ৷ এইবৰ্ষৰ বাজেটত শিক্ষা, স্বাস্থ্য আৰু এন আই এছ বিভাগত হ্ৰাস কৰা হৈছে ধনৰ আৱন্টন ৷ দ্যা টাইমছ অব ইজৰাইলত প্ৰকাশ পাইছে এই কথা ৷

reduction in money in israels 2024 budget for war
যুদ্ধৰ বাবে 2024 বৰ্ষৰ বাজেটত হ্ৰাস কৰিলে ইজৰাইলে

ইন্টাৰনেশ্যনেল ডেস্ক, 16 জানুৱাৰী : ইজৰাইল-হামাছৰ যুদ্ধ শাম কটাৰ দিশে নেকি ! কাৰণ যুদ্ধৰ ফলত ক্ৰমান্বয়ে যে ইজৰাইল আৰ্থিক সংকটত ভুগিছে তাৰে যেন অনুমান কৰা হৈছে ৷ কিয়নো দেশখনৰ 2024 বিত্তীয় বৰ্ষৰ বাবে বাজেটত ধন হ্ৰাস কৰা হৈছে ৷ এই সন্দৰ্ভত দ্যা টাইমছ অব ইজৰাইলৰ বাতৰি অনুসৰি, গাজাত চলি থকা পুনৰ নিৰ্মাণ আৰু যুদ্ধৰ বাবে দেশখনৰ বাজেট হ্ৰাস কৰা হৈছে ৷

এইক্ষেত্ৰত ইজৰাইলৰ পৰিবহন মন্ত্ৰালয়ে কৈছিল যে, 2024 চনৰ ৰাজ্যিক বাজেট অনুমোদনৰ বাবে আৰু গাজাত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত বাজেট হ্ৰাস কৰিবলগীয়া হৈছে ৷ কাৰণ, যুদ্ধ আৰু গাজা ষ্ট্ৰিপত পুনৰ নিৰ্মাণৰ বাবে বিত্তীয় যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ স্বাৰ্থতে বাজেট হ্ৰাস কৰা হৈছে ৷ অৱশ্যে, মন্ত্ৰালয়ে কৈছে যে, ৰে’ল প্ৰকল্প, গাজাৰ ওচৰৰ অঞ্চলবোৰত পৰিবহন আন্তঃগাঁথনি পুনৰুদ্ধাৰৰ বাবে এই বাজেট প্ৰস্তুত কৰা হৈছে ৷

দ্যা টাইমছ অব ইজৰাইলৰ বাতৰি অনুসৰি, শিক্ষা মন্ত্ৰালয়ৰ বাজেটৰ পৰা প্ৰায় 891 নিযুত (239 নিযুত ডলাৰ), স্বাস্থ্য মন্ত্ৰালয়ৰ 440 নিযুত (118 নিযুত ডলাৰ) আৰু এন আই এছৰ 163 নিযুত (44 নিযুত ডলাৰ)ৰ হ্ৰাস কৰা হ'ব । তথাপিও, 2025 চনত 1% পৰা 18% লৈ ধঁপাতৰ লগতে অন্যান্য সামগ্ৰীৰ ওপৰত নতুন কৰ আৰোপ কৰা হ’ব ৷

ইফালে, প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ২০২৪ চনৰ সংশোধিত বাজেটৰ সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি আশ্বাস দিছিল ৷ কিন্তু দেওবাৰে হঠাৎ অনুষ্ঠিত হয় বৈঠক ৷ উক্ত বৈঠকতে বিত্তমন্ত্ৰীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰধানমন্ত্ৰী নেতান্যাহুৱক

লগতে পঢ়ক :লোহিত সাগৰত হুথিৰ আক্ৰমণ; ভাৰতক পদক্ষেপ গ্ৰহণৰ আশ্বাস ইৰাণৰ ৰাষ্ট্ৰপতিৰ

ABOUT THE AUTHOR

...view details