ইণ্টাৰনেচনেল ডেস্ক, ৭ অক্টোবৰ : আমেৰিকাই ইয়াৰ নাগৰিকসকলক সন্ত্ৰাসবাদ আৰু সাম্প্ৰদায়িক হিংসাৰ বাবে পাকিস্তান, বিশেষকৈ ইয়াৰ অশান্ত প্ৰদেশসমূহলৈ ভ্ৰমণৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে (US urged citizens to reconsider Pakistan travel) । বৃহস্পতিবাৰে জাৰি কৰা এক ভ্ৰমণ পৰামৰ্শত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে ইয়াৰ নাগৰিকসকলক সন্ত্ৰাসবাদ আৰু অপহৰণৰ বাবে পূৰ্বৰ Federally Administered Tribal Area (FATA)-সহ বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱা (KPK) প্ৰদেশলৈ ভ্ৰমণ নকৰিবলৈ আহ্বান জনায় ।
"সন্ত্ৰাসবাদ আৰু সাম্প্ৰদায়িক হিংসাৰ বাবে পাকিস্তানভ্ৰমণৰ বিষয়ে পুনৰ বিবেচনা কৰক । কিছুমান ক্ষেত্ৰত বিপদাশংকা বৃদ্ধি হৈছে ।" নিৰ্দেশটোত কোৱা হৈছে । লগতে এই সন্দৰ্ভত তৃতীয় স্তৰৰ পৰামৰ্শ প্ৰদান কৰা হৈছে (US advisory to Level 3) । উল্লেখ্য, যেতিয়া দীৰ্ঘম্যাদী বা গুৰুতৰ পৰিস্থিতিয়ে যাত্ৰী আৰু দৰ্শনাৰ্থীসকলক বিপদাশংকাত পেলায় আৰু গন্তব্যস্থানলৈ অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিব লাগে, তেতিয়া তৃতীয় স্তৰৰ ভ্ৰমণ সতৰ্কবাণী জাৰী কৰা হয় ।
পৰামৰ্শটোত আমেৰিকানসকলক সন্ত্ৰাসবাদ আৰু সশস্ত্ৰ সংঘৰ্ষৰ সম্ভাৱনাৰ বাবে নিয়ন্ত্ৰণ ৰেখাৰ (LoC) নিকটৱৰ্তী অঞ্চলত ভ্ৰমণ নকৰিবলৈও পৰামৰ্শ দিছে । সন্ত্ৰাসবাদী গোটসমূহে পাকিস্তানত আক্ৰমণৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে (terrorist groups plotting attacks in Pakistan) বুলি উল্লেখ কৰি ইয়াত কোৱা হৈছে যে সন্ত্ৰাসবাদৰ স্থানীয় ইতিহাস আৰু উগ্ৰপন্থী উপাদানৰ দ্বাৰা চলি থকা হিংসাত্মক আকাংক্ষাৰ ফলত অসামৰিক লোকৰ লগতে স্থানীয় সামৰিক আৰু আৰক্ষীক লক্ষ্য কৰি নিৰ্বিচাৰ আক্ৰমণ সংঘটিত হৈছে ।