অসম

assam

ETV Bharat / international

Ranil Wickremesinghe takes oath as Sri Lanka PM: সক্ষম হ'বনে শ্ৰীলংকাক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ? - শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে ৰনিল ৱিক্ৰমসিংঘে

সংকটৰ মাজতে শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে ৰনিল ৱিক্ৰমসিংঘে (Ranil Wickremesinghe takes oath as Sri Lanka PM)। দেশখনক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ৱিক্ৰমসিংঘে সক্ষম হ'ব নে নহয় তাক লৈ বৰ্তমান দেশখনত চৰ্চা চলিছে । চৰকাৰে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সৈতে বেলআউট পেকেজৰ আলোচনা কৰিছে ।

Ranil Wickremesinghe
শ্ৰীলংকাক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব নে ৰনিল ৱিক্ৰমসিংঘে

By

Published : May 13, 2022, 10:27 AM IST

Updated : May 13, 2022, 1:08 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ মে' :ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটত থকা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাক উদ্ধাৰৰ বাবে পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত ৰনিল ৱিক্ৰমসিংঘে (Sri Lanka new PM)। তীব্ৰ প্ৰতিবাদৰ অন্তত প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে পদত্যাগ কৰাৰ পাছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰনিল ৱিক্ৰমসিংঘেক পুনৰবাৰ দেশখনৰ প্ৰধানমন্ত্ৰীৰ বাবে নিৰ্বাচিত কৰিছে । ৰাষ্ট্ৰপতি ভৱনৰ এক কাৰ্যসূচীত বৃহস্পতিবাৰে ৱিক্ৰমসিংঘে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষৰ সন্মুখত শপত গ্ৰহণ কৰে (Ranil Wickremesinghe takes oath as Sri Lanka PM)।

উল্লেখ্য যে বিগত কেইবাসপ্তাহ ধৰি চৰকাৰৰ বিৰুদ্ধে দেশখনত ব্যাপক প্ৰতিবাদ অব্যাহত আছে (Protest in Sri Lanka)। দেশখনৰ সংকটৰ বাবে জনসাধাৰণে চৰকাৰক দোষাৰোপ কৰে । এই প্ৰতিবাদে এক প্ৰকাৰ হিংসাত্মক ৰূপো লয় ।

অৱশেষত সোমবাৰে ৰাষ্ট্ৰপতিৰ ভাতৃ মহিন্দা ৰাজপাক্ষে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে (Mahinda Rajapaksa resigns as PM)। তেওঁৰ পদত্যাগৰ লগে লগে কেবিনেটো ভংগ হয় । সকলোৱে আশা কৰিছে প্ৰধানমন্ত্ৰী ৰনিল ৱিক্ৰমসিংঘেই দেশখনক এই সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰিব ।

নতুন প্ৰধানমন্ত্ৰীয়ে সম্ভৱতঃ ৰাষ্ট্ৰপতিৰ সন্মুখত নতুন কেবিনেট তালিকা উপস্থাপন কৰিব । যদি প্ৰধানমন্ত্ৰী বা নতুন কেবিনেটৰ ওপৰত কোনো আপত্তি থাকে তেনেহ'লে সাংসদসকলে মঙলবাৰে পুনৰ সদনৰ অধ্যক্ষৰ ওচৰত অনাস্থা প্ৰস্তাৱ দাখিল কৰিব পাৰে । প্ৰস্তাৱটোৰ ওপৰত তেতিয়া বিতৰ্ক হ'ব আৰু ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

৭৩ বছৰীয়া ৱিক্ৰমসিংঘে ৪৫ বছৰ ধৰি সংসদত আছে । নেতৃত্বৰ সংকটৰ মাজতে ২০২০ চনত তেওঁৰ ৰাজনৈতিক দল বিভক্ত হয় আৰু বেছিভাগ জ্যেষ্ঠ নেতাই এটা নতুন দল গঠন কৰে, যি বৰ্তমান দেশৰ মুখ্য বিৰোধী । ৱিক্ৰমসিংঘে প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ পূৰ্বৰ কাৰ্যকাল ইমান সফল নাছিল । তেতিয়াৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা চিৰিসেনাৰ সৈতে তেওঁৰ ক্ষমতা কেন্দ্ৰিক সংঘাত দেখিবলৈ পোৱা গৈছিল (Allegations against Ranil Wickremesinghe)।

বিৰোধী নেতা অনুৰা দিচানানায়েকে অভিযোগ কৰা মতে ৰাষ্ট্ৰপতিয়ে দেশৰ সংকটত কৈ নিজৰ পৰিয়ালক ৰক্ষা কৰাতহে বেছি গুৰুত্ব দিছে যাৰবাবে তেওঁ ৱিক্ৰমসিংঘেক প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিছে । কিয়নো ২০১৫ চনৰ পৰা ২০১৯ চনলৈ বৈদেশিক মন্ত্ৰী হিচাপে আছিল ৱিক্ৰমসিংঘে । সেই সময়ত ৰাষ্ট্ৰপতিৰ ৰাজপাক্ষ পৰিয়ালক দুৰ্নীতি আৰু অন্যায়ৰ অভিযোগৰ পৰা সুৰক্ষা প্ৰদান কৰাৰো অভিযোগ আছে ৱিক্ৰমসিংঘেৰ বিৰুদ্ধে ।

ইয়াৰোপৰি বৌদ্ধ আৰু কেথলিক গুৰুসকলেও ৱিক্ৰমসিংঘেৰ নিযুক্তিত আপত্তি কৰিছে । তেওঁলোকৰ মতে প্ৰতিবাদ কৰি থকা লোকসকলৰ আশা-আকাংক্ষাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি এই সিদ্ধান্ত লোৱা হৈছে । এই সিদ্ধান্তৰ দ্বাৰা প্ৰতিবাদ আৰু বেছি বেয়ালৈহে যাব ।

লগতে পঢ়ক :Sri Lanka Crisis: প্ৰাক্তন প্ৰধানমন্ত্ৰীসহ 16 জনক বিদেশ ভ্ৰমণত নিষেধাজ্ঞা আদালতৰ

Last Updated : May 13, 2022, 1:08 PM IST

ABOUT THE AUTHOR

...view details