ইন্টাৰনেশ্যনেল ডেস্ক, 10 অক্টোবৰ: ভেনিজুৱেলাত সংঘটিত হৈছে শোকাৱহ ঘটনা ৷ মধ্য ভেনিজুৱেলাত যোৱা কেইবাদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ভয়াৱহ বানৰ সৃষ্টি হয় ৷ তীব্ৰ মাত্ৰাত হোৱা বৰষুণৰ ফলত ওফন্দি উঠে ৰাষ্ট্ৰখনৰ পাঁচখনকৈ নদী ৷ ফলত বান আৰু ভূমিস্খলনৰ সৃষ্টি হয় ৷ যাৰ বাবে বান আৰু ভূমিস্খলনত মৃত্যু হয় ২২ গৰাকী লোকৰ ৷ ইফালে বৰ্তমানেও সন্ধানহীন হৈ আছে বহুলোক (Rain fuelled landslide sweeps through Venezuela town) ৷
উল্লেখ্য যে, কাৰাকাছৰ পৰা ৮৭ কিলোমিটাৰ দক্ষিণ-পশ্চিমে আৰাগুয়া ৰাজ্যৰ এখন কৃষি-ঔদ্যোগিক চহৰ ছান্টোছ মিচেলেনাৰ লাছ টেজেৰিয়াছৰ বাসিন্দাসকলে শনিবাৰে সন্ধিয়া নিৰাপদ স্থানত উপনীত হ’বলৈ চেষ্ঠা কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ নিৰাপদ স্থানত উপনীত হোৱাৰ মাত্ৰ কেইছেকেণ্ডমান পূৰ্বেই ঢলি পৰে এখন পাহাৰ ৷ যাৰ ফলত পাহাৰৰ ধ্বংসাৱশেষত সোমাই পৰে বহুলোক ৷